মোবাইল এপ্লিকেচনত পৰ্ণগ্ৰাফিক ছবি নিৰ্মাণ কৰি আপলোড কৰা আৰু ইয়াৰ বেপাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ী তথা বলীউডৰ অভিনেত্ৰী শিল্পা ছেট্টী (Shilpa Shetty)ৰ স্বামী ৰাজ কুন্দ্ৰা (Raj Kunda)ই জেলৰ পৰা মুকলি হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ মৌনতা ভংগ কৰিছে। পৰ্ণগ্ৰাফিৰ সৈতে ব্যৱসায়ীজন জড়িত থকাৰ অভিযোগত যোৱা বছৰ ২১ জুলাইত মুম্বাই আৰক্ষী (Mumbai Police)য়ে তেওক গ্ৰেপ্তাৰ কৰিছিল। এই গ্ৰেপ্তাৰৰ পিছতে নেটিজেনৰ টাৰ্গেট হৈ পৰে ৰাজ কুন্দ্ৰা। লগতে অভিনেত্ৰী শিল্পা ছেট্টীও সন্মুখীন হয় ট্ৰ'লৰ। শেহতীয়াকৈ সকলো ট্ৰলিঙৰ প্ৰতিক্ৰিয়া জনাই ৰাজ কুন্দ্ৰাই এটা ৰহস্যময় পোষ্ট দিছে আৰু কৈছে যে অতি সোনকালে সত্যটো ওলাই পৰিব।
বুধবাৰে কুন্দ্ৰাই তেওঁৰ টুইটাৰ হেণ্ডেললৈ গৈ তেওঁক ট্ৰ’ল কৰি অহাসকলক তীব্ৰ সমালোচনা কৰি এটা অগ্নিময় টুইট লিখিছিল। তেওঁ লিখিছে, “ৱান ইয়েৰ টুডে #আৰ্থাৰৰোডৰ পৰা মুকলি কৰা হৈছে। ন্যায় বিচাৰ কেৱল মাত্ৰ সময়ৰহে কথা! সত্য শীঘ্ৰেই ওলাই পৰিব! ধন্যবাদ শুভাকাংক্ষী সকল আৰু এটা ডাঙৰ ধন্যবাদ ট্ৰ'লাৰসকললৈ আপোনালোকে মোক শক্তিশালী কৰিলে? #enquiry #word #mediatrial #trollers. গোটেই কাহিনীটো যদি নাজানা..চুপ থাকা (If you don’t know the whole story..shut up!!)”। ব্যৱসায়ীজনে পোষ্টটোৰ সৈতে নিজৰ এখন ছবিও সংলগ্ন কৰে য’ত তেওঁক হুডি, শ্বেড আৰু ক’লা ৰঙৰ মাস্ক পিন্ধি থকা দেখা যায়।
ইয়াৰ পূৰ্বে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এটা পোষ্টত কুন্দ্ৰাই এটা আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছিল য’ত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগক ডাইনীহত্যা আৰু ভুৱা ‘মিডিয়া ট্ৰায়েল’ বুলি গণ্য কৰিছিল। গ্ৰেপ্তাৰৰ সময়ত কুন্দ্ৰাৰ পত্নী শিল্পা ছেট্টীয়েও অনুৰাগীসকলক তেওঁলোকৰ গোপনীয়তাক সন্মান কৰিবলৈ আহ্বান জনাইছিল।
যোৱা মাহত কুন্দ্ৰাই আদালতত এখন আবেদন দাখিল কৰিছিল কথিত পৰ্ণ ৰেকেট গোচৰৰ পৰা মুক্তি বিচাৰি। ৪৬ বছৰীয়া কুন্দ্ৰাই অধিবক্তা প্ৰশান্ত পাটিলৰ জৰিয়তে আবেদন দাখিল কৰিছিল য’ত কোৱা হৈছে যে আৰক্ষীয়ে দাখিল কৰা প্ৰথমটো চাৰ্জশ্বীটত তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ নাছিল।
Published by: Manjumoni Borah
FIRST PUBLISHED : September 21, 2022, 19:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|