বিগ বচ ১৪–ৰ ৰানাৰ্ছ আপ ৰাহুল বৈদ্যৰ এটা বিশেষ ভিডিও এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। য'ত তেওঁ শ্বাহৰুখ খান আৰু গৌৰী খানৰ পুত্ৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা পৰিলক্ষিত হৈছে। দৰাচলতে যেতিয়া আৰিয়ানক নিৰাপত্তাৰক্ষীৰ দ্বাৰা এটা ক্লাৱত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল সেইসময়ত আৰিয়ানৰ নম্ৰতা আৰু ধৈৰ্য্য দেখি আচম্বিত হৈ পৰিছিল ৰাহুল বৈদ্য আৰু আৰিয়ানৰ প্ৰশংসাত গদগদ হৈ পৰিছিল তেওঁ।
ভিডিও ক্লিপটোত ৰাহুলে আৰিয়ানক এটা ক্লাবত লগ পোৱাৰ কথা মনত পেলাইছিল, য'ত আৰিয়ানে তেওঁৰ এগৰাকী বন্ধুক জন্মদিনত শুভেচ্ছা জনাবলৈ আহিছিল । কিন্তু কোনো অজ্ঞাত কাৰণত নিৰাপত্তাৰক্ষীসকলে আৰিয়ানক ক্লাবৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নাছিল । ৰাহুলে ভিডিওটোত কৈছে যে, আৰিয়ানে সেইসময়ত ধৈৰ্য্যসহকাৰে অপেক্ষা কৰিছিল আৰু ক্লাৱৰ ভিতৰত প্ৰৱেশ কৰিবলৈ শ্বাহৰুখৰ পুত্ৰ হোৱাক লৈ নিজকে মদগৰ্বী হিচাপে তুলি ধৰা নাছিল। ৰাহুলে লগতে কৈছিল, সেই সময়ত আৰিয়ানৰ মনোভাৱ দেখি তেওঁ আচৰিত হোৱাৰ লগতে মন চুই গৈছিল হৈছিল । ইয়াৰ পাচতে ৰাহুলে আনকি আৰিয়ানৰ দৰে এটা সন্তান প্ৰতিপালন কৰাৰ বাবে শ্বাহৰুখ খান আৰু গৌৰী খানক অভিনন্দনো জনাইছিল ।
ইফালে যিহেতু প্ৰেমিকা দিশা পাৰমাৰৰ সৈতে ৰাহুলৰ বিবাহক লৈ অনুৰাগীসকলে যথেষ্ট অপেক্ষা কৰি আছে । কিয়নো বিগ বচ ১৪ৰ সময়তেই ৰাহুলে দিশাক তেওঁৰ জন্মদিনত বিবাহৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু তাৰ পাচৰ দিনটোতেই দিশাই অনুষ্ঠানটোত প্ৰৱেশ কৰিছিল আৰু ৰাহুলৰ সৈতে বিবাহত সন্মতি জনাইছিল। সেইদিনাও আকৌ এবাৰ ৰাষ্ট্ৰীয় টেলিভিচন আঁঠু কাঢ়ি দিশাক বিবাহৰ প্ৰস্তাৱ দিছিল ৰাহুলে।
তেওঁলোকৰ বিবাহ বিষয়ে ৰাহুলে কয় যে, "মই ভাবিছো, মই ইয়াৰ পৰিকল্পনা কৰি পৰা নাই । কিন্তু মই সময়ো নষ্ট কৰিব বিচৰা নাই । দিশা হৈছে মোৰ জীৱনৰ সৈতে হোৱা আটাইতকৈ ধুনীয়া বস্তু, সেয়া কৈ শেষ কৰিব নোৱাৰো । দিশাৰ সৈতে জীৱনটো আৰম্ভ কৰিবলৈ মই অতি আগ্ৰহেৰে বাট চাই আছো, মই ৰ'ব পৰা নাই।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|