পুষ্পা : দ্য ৰাইজৰ সফলতাৰ পিছত দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পাইছে। পুষ্পাৰ পিছত আল্লু অৰ্জুনলৈ কেৱল বিগ বাজেটৰ ছবিয়ে নহয়, তেওঁলৈ ডাঙৰ ডাঙৰ অফাৰো আহিছে। ইয়াৰ কৃতিত্ব আল্লু অৰ্জুনৰ কষ্ট আৰু তেওঁৰ অভিনয় শৈলীৰ। আহক জানো আল্লু অর্জুনে নিজৰ আপকামিং ছবিৰ বাবে কিমান টকা চাৰ্জ কৰিছে।
আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দানা অভিনীত ছবি পুষ্পাই বক্স অফিচত খলকনি তোলাৰ লগতে কেইবাখনো ছবিৰ অভিলেখ ভংগ কৰিছে। এই ছবিখনে ঈৰ্ষণীয় উপাৰ্জনৰ লগতে ছবিখনৰ তাৰকাৰ ভাগ্যও চমকাই তুলিছে। পুষ্পাত আল্লুৰ অৰ্জুনৰ অভিনয় খুব পছন্দ কৰিছে দৰ্শকে। আল্লু অৰ্জুনৰ এই জনপ্ৰিয়তাৰ বাবে তেওঁলৈ কেইবাজনো ডাঙৰ ছবি নিৰ্মাতাই আগবঢ়াইছে অফাৰ। ইয়াৰ ভিতৰত আছে লায়কা প্ৰডাকচনো।
লায়কাই তেওঁলোকৰ আগন্তুক প্ৰজেক্টৰ বাবে আল্লু অৰ্জুনক প্ৰস্তাৱ দিছে। ইয়াৰ বাবে তেওঁ ১০০ কোটি টকাৰ অফাৰ কৰিছে। লায়কা প্ৰডাকচনৰ এই ছবিখনৰ ডাইৰেকচন এটলীয়ে কৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|