তিনিদিনত চিনেমাখনৰ উপাৰ্জন ২১ নিযুত ডলাৰ বা ১৫৯ কোটি টকা। এইটো এটা অভিলেখ বুলিয়েই প্কাশ কৰিছে ফিল্ম ব্যৱসায়ৰ বিশ্লেষক ৰমেশ বালা (Ramesh Bala)ই। ৰমেশ বালাই টুইট কৰি কয় যে ১৯ ডিচেম্বৰত শেষ হোৱা সপ্তাহত Pushpaই গ্লোবেল বস্ক অফিচৰ টপ 3 (Global Box Office Top 3)ত প্ৰবেশ কৰিছে। ৫৮৭ নিযুত ডলাৰ উপাৰ্জনেৰে Spider-Man No Way Home এক নম্বৰত আছে আৰু ৫৪ নিযুত ডলাৰ উপাৰ্জনেৰে Sheep Without A Shepherd 2 দুই নম্বৰত আছে।
#Pushpa lands in Global Box Office Top 3 for the weekend ending Dec 19th..
A Remarkable Achievement.. 🔥
1. #SpiderManNoWayHome - $587 Million
2. #SheepWithoutAShepherd2 - $ 54 Million
3. #Pushpa - $21 Million @alluarjun @iamRashmika @Samanthaprabhu2 @MythriOfficial
— Ramesh Bala (@rameshlaus) December 20, 2021
অল্লু অৰ্জূনৰ Pushpa: The Rise- Part I ছবিখনে ১৬ ডিচেম্বৰত ৯:৩৮ বজাত এক ছেকেণ্ডত ৩৬টা টিকট বিক্ৰীৰ অভিলেখ ৰচিছে। বাহুবলী-২ (Baahubali 2)ৰ পিছতে BookMyShowত এই টিকট বিক্ৰীৰ হাৰ দ্বিতীয় সৰ্বাধিক। হায়দৰাবাদ, বেংগালুৰু, বিশাখাপট্টনম, তিৰুপতি, বিজয়াৱাড়া, চেন্নাই, কোঁচি আৰু মুম্বাই আদি চহৰত দৰ্শক হিলদল ভাঙি পুষ্পাক চাবলৈ ছবিগৃহলৈ আহিছে।
View this post on Instagram
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|