• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Priyanka Chopra Jonas : প্ৰিয়ংকা চোপ্ৰাক দীপিকা পাডুকনৰ সৈতে তুলনা !  ছচিয়েল মিডিয়াত ট্ৰ'ল প্ৰিয়ংকা চেপ্ৰাৰ মাক মধু চোপ্ৰাক।

Priyanka Chopra Jonas : প্ৰিয়ংকা চোপ্ৰাক দীপিকা পাডুকনৰ সৈতে তুলনা !  ছচিয়েল মিডিয়াত ট্ৰ'ল প্ৰিয়ংকা চেপ্ৰাৰ মাক মধু চোপ্ৰাক।

মধু চোপ্ৰাই লিখিছিল, "প্ৰিয়ংকাই সদায় নিজকে ক'লা সাজত অধিক মোহনীয় কৰি তুলিব পাৰে।" ইয়াৰ পাছতে ভাইৰেল হৈ পৰে মধু চোপ্ৰাৰ প্ৰতিক্ৰিয়া।

মধু চোপ্ৰাই লিখিছিল, "প্ৰিয়ংকাই সদায় নিজকে ক'লা সাজত অধিক মোহনীয় কৰি তুলিব পাৰে।" ইয়াৰ পাছতে ভাইৰেল হৈ পৰে মধু চোপ্ৰাৰ প্ৰতিক্ৰিয়া।

মধু চোপ্ৰাই লিখিছিল, "প্ৰিয়ংকাই সদায় নিজকে ক'লা সাজত অধিক মোহনীয় কৰি তুলিব পাৰে।" ইয়াৰ পাছতে ভাইৰেল হৈ পৰে মধু চোপ্ৰাৰ প্ৰতিক্ৰিয়া।

  • Share this:
প্ৰিয়ংকা চোপ্ৰা জোনাচ (Priyanka Chopra Jonas)ৰ প্ৰশংসাসূচকভাৱেই মাক মধু চোপ্ৰাই ছেয়াৰ কৰিছিল এটা টুইট। কিন্তু তাৰ পাছতে একাংশই প্ৰিয়ংকা চোপ্ৰাক দীপিকা পাডুকন (Deepika Padukone)ৰ সৈতে তুলনা কৰা বুলি প্ৰতিক্ৰিয়া কৰে। এই মন্তব্যবোৰৰ উত্তৰত মধু চোপ্ৰাই কৰা প্ৰতিক্ৰিয়াতো উপলুঙা কৰিছে বহুজনে।

শেহতীয়াকৈ ভগ (Vogue) আলোচনীৰ কাভাৰৰ বাবে ক'লা সাজ এযোৰ পিন্ধি ফটো শ্বুট কৰিছিল প্ৰিয়ংকা চোপ্ৰাই। প্ৰায় একে ক'লা সাজ এযোৰ পিন্ধি দীপিকা পাডুকনে উঠা ফটোৰ সৈতে প্ৰিয়ংকাৰ ফটোখন ছেয়াৰ কৰিছিল ঝুম টিভিয়ে।

"প্ৰিয়ংকাৰ এই ফটোখনে আমাক দীপিকা পাডুকনৰ এখন ফটোলৈ মনত পেলাই দিয়ে" বুলি টুইট কৰিছিল ঝুম টিভিয়ে। কেপচনত লিখা আছিল, "ক'লা সাজত কাক বেছি আকৰ্ষণীয় লাগিছে, প্ৰিয়ংকাক নে দীপিকাক?"

এই টুইটৰ প্ৰতিক্ৰিয়াত মধু চোপ্ৰাই লিখিছিল, "প্ৰিয়ংকাই সদায় নিজকে ক'লা সাজত অধিক মোহনীয় কৰি তুলিব পাৰে।" ইয়াৰ পাছতে ছচিয়েল মিডিয়াত হয় ব্যাপক প্ৰতিক্ৰিয়া। ভাইৰেল হৈ পৰে মধু চোপ্ৰাৰ প্ৰতিক্ৰিয়া।

উল্লেখ্য যে বিখ্যাত ভগ আলোচনীৰ অষ্ট্ৰেলিয়া সংস্কৰণৰ বাবে ফটো শ্বুট কৰিছিল প্ৰিয়ংকাই।

প্ৰিয়ংকা চোপ্ৰাক অতি সোনকালেই দেখা যাব এমাজনৰ প্ৰাইম ছিৰিজ চিটাডেল (Citadel) আৰু বলীউডৰ নতুন চিনেমা টেক্সট ফৰ ইউ ( Text For You) আৰু দা মেট্ৰিক্স ৪ (The Matrix 4)ত।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি