உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Priyanka Chopra-Nick Jonas : নিক জোনাছৰ পত্নী বুলি কোৱাত খং উঠিল প্ৰিয়ংকা চোপ্ৰাৰ, দিলে এই কাঢ়া উত্তৰ

    Priyanka Chopra-Nick Jonas : নিক জোনাছৰ পত্নী বুলি কোৱাত খং উঠিল প্ৰিয়ংকা চোপ্ৰাৰ, দিলে এই কাঢ়া উত্তৰ

    প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ

    প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ

    নিজকে নিক জোনাছ (Nick Jonas)ৰ পত্নী বুলি পৰিচয় কৰাই দিয়াত আপত্তি প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra)ৰ! শেহতীয়াকৈ এখন কাকতৰ বাতৰিৰ বিৰুদ্ধে গৰজী উঠিছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। 

    • Share this:
    নিজকে নিক জোনাছ (Nick Jonas)ৰ পত্নী বুলি পৰিচয় কৰাই দিয়াত আপত্তি প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra)ৰ! শেহতীয়াকৈ এখন কাকতৰ বাতৰিৰ বিৰুদ্ধে গৰজী উঠিছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা।  The Matrix Resurrectionsৰ প্ৰমোচনত ব্যস্ত প্ৰিয়ংকাই নিজৰ ইনষ্টাগ্ৰামত সেই বাতৰিৰ স্ক্ৰীনশ্বট শ্বেয়াৰ কৰি সুধিছে যে তেওঁ কি নিজৰ বায়'ৰ সৈতে IDMB লিংক কৰিব লাগিব?

    স্ক্ৰীনশ্বটটোত লিখা আছিল “The wife of Nick Jonas shared…" বুলি। প্ৰিয়ংকাই ননিজৰ সতীৰ্থ অভিনেতা কেনু ৰিভছ (Keanu Reeves)ৰ সৈতে কৰা The Matrix Resurrectionsৰ বিষয়ে প্ৰমোচন কৰি আছিল। প্ৰিয়ংকাই লিখিছে "বৰ আমোদজনক যে মই সৰ্বকালৰ আইকনিক ফিল্ম ফ্ৰেনচাইজীৰ এখন ছবি প্ৰমোচন কৰি আছোঁ আৰু মোক কোৱা হৈছে  ‘the wife of…’." প্ৰিয়ংকাই আকৌ লিখিছে, "কোনোবাই ক'ব নেকি যে এতিয়াও কিয় মহিলাৰ সৈতে এইবোৰ ঘটি থাকে? মই কি মোৰ বায়'ত IDMB লিংক কৰিব লাগে নেক?" প্ৰিয়ংকাই এই পোষ্টটোত স্বামী নিক জোনাছকো টেগ কৰিছে।


    The Quanticoৰ ষ্টাৰগৰাকীয়ে কেনু ৰিভছৰ ফ্ৰেনচাইজীত নিৰ্মিত Matrix ছিৰিজত অভিষেক কৰিব ওলাইছে। প্ৰিয়ংকাই বিগত সময়ত বহুল পৰিমাণে এই ছবিৰ ফটো শ্বেয়াৰ কৰি আছে।


    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: