মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »চকু টিপেৰে খ্যাতি লাভ কৰা প্ৰিয়া, গান গাই খ্যাতি লাভ কৰা ৰাণু, ভুৱন, চাহাদেৱ! আজিকালি ক'ত এইসকল?

চকু টিপেৰে খ্যাতি লাভ কৰা প্ৰিয়া, গান গাই খ্যাতি লাভ কৰা ৰাণু, ভুৱন, চাহাদেৱ! আজিকালি ক'ত এইসকল?

এই সকললোকে ৰাতিটোৰ ভিতৰতে তাৰকা হৈ পৰিছিল যদিও কিছু সময়ৰ পিছত তেওঁলোকৰ জনপ্ৰিয়তা হ্ৰাস হৈছে

এই সকললোকে ৰাতিটোৰ ভিতৰতে তাৰকা হৈ পৰিছিল যদিও কিছু সময়ৰ পিছত তেওঁলোকৰ জনপ্ৰিয়তা হ্ৰাস হৈছে

  • Share this:
সামাজিক মাধ্যম এনে এক প্ৰিয় তথা বৰ্তমান ব্যৱসায় ও উপাৰ্জনৰ লগতে জনপ্ৰিয়তাৰ এক সহজ অনুষ্ঠান হৈ পৰিছে য’ত মানুহে অধিক সময় কটোৱা দেখিবলৈ পোৱা যায়। বহু লোকে সময় অতিবাহিত কৰিবলৈ, বাতৰি, মনোৰঞ্জন, তথ্য লাভ কৰিবলৈ আৰু অন্যান্য বিভিন্ন কাৰণত সামাজিক মাধ্যমত উপলব্ধ বিভিন্ন পেজবোৰ চায়। আজিকালি বিভিন্ন হাস্যকৰ তথা কাৰিকৰী ভিডিঅ’ দেখিবলৈ পোৱা যায় যাৰ জৰিয়তে মানুহৰ প্ৰতিভাবোৰ পোহৰলৈ আহিছে। সামাজিক মাধ্যমৰ ফলত বহু প্ৰতিভাশালী লোকে নাম, সন্মান, কাম লাভ কৰিছে আৰু মানুহে তেওঁলোকক আদৰিও লৈছে। কিন্তু এনে কিছু লোকো আছে যিয়ে প্ৰথমতে জনপ্ৰিয়তা লাভ কৰে যদিও পাছলৈ তেওঁলোক আকৌ হেৰাই যোৱা যেন হৈ পৰিছে। ইয়াৰ বিভিন্ন কাৰণ আছে। কম সময়তে জনপ্ৰিয়তাৰ শিখৰ পোৱা কেইজনমান লোক পিছলৈ কালক্ৰমত হেৰাই যোৱা যেন হৈছে।

ৰাণু মণ্ডলৰ পৰা প্ৰিয়া প্ৰকাশ ৱাৰিয়াৰলৈকে, ৰাতিটোৰ ভিতৰতে ছ’চিয়েল মিডিয়াত তাৰকা হোৱা এই লোকসকলে মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। কোনোবাই এটা গীত গাই, কোনোবাই অভিনয় কৰি সকলোৰে প্ৰিয় হৈ পৰিছিল। কিন্তু কোৱা হয় যে সকলোৱে সফলতা চম্ভালিব নোৱাৰে। এই তাৰকাসকলৰ সৈতেও একে ধৰণৰ ঘটনা ঘটিছিল, যি ৰাতিটোৰ ভিতৰতে তাৰকা হৈ পৰিছিল যদিও কিছু সময়ৰ পিছত তেওঁলোকৰ জনপ্ৰিয়তা হ্ৰাস হ’বলৈ আৰম্ভ কৰিছিল। তেওঁলোকৰ জনপ্ৰিয়তা পোনপটীয়াকৈ শীৰ্ষৰ পৰা তললৈ নামি আহিছিল। এইসকলৰ বিষয়ে জানো আহক-

প্ৰিয়া প্ৰকাশ ৱেৰিয়াৰ-

দক্ষিণৰ চলচ্চিত্ৰ অভিনেত্ৰী প্ৰিয়া প্ৰকাশ ৱেৰিয়াৰে এটা ভিডিঅ’ত চকুৰে এক সুন্দৰ অভিনয় কৰি মানুহৰ হৃদয় জয় কৰিছিল। কিন্তু এতিয়া তেওঁ ক’ত আছে সেই বিষয়ে বিশেষ কোনো তথ্য নাই।

ৰাণু মণ্ডল-

ৰাণু মণ্ডলে হিমেশ ৰেশমিয়াৰ সৈতে এটা সময়ত গীত গাইছে। ৰাণু মণ্ডলে আগতে ৰে’ল ষ্টেচনত লতা মংগেশকাৰৰ গীত গাইছিল। ২০১৯ চনত এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত ৰাণু মণ্ডল ৰাতিটোৰ ভিতৰতে তাৰকা হৈ পৰে আৰু হিমেশ ৰেশমিয়াৰ বাবে ৩ টা গান ৰেকৰ্ড কৰে। কিন্তু এতিয়া তেওঁক কেৱল মিম বা কিছু ৰীলতহে দেখা পোৱা যায়।

চাহাদেভ দিৰ্ডো-

ছত্তীশগড়ৰ শিশু শিল্পী চাহাদেভ দিৰ্ডো যিয়ে ‘জানে মেৰী জানেমান বচপন কা প্যাৰ’ গীত গাই ইণ্টাৰনেটত খলকনিৰ সৃষ্টি কৰিছিল। এই শিশুটোৱে ৰেপাৰ বাদশ্বাহৰ সৈতে এটা গীত ৰেকৰ্ড কৰিছিল আৰু শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল। কিছুদিন আগতে, তেওঁৰ এটা দুৰ্ঘটনা হৈছিল বুলি খবৰ পোৱা গৈছিল। কিন্তু তেতিয়াৰ পৰা তেওঁ ছ’চিয়েল মিডিয়াৰ পৰা অদৃশ্য হৈ গৈছে।

ভুৱন বাদয়কাৰ-

ৰাস্তাত গীত গাই চিনাবাদাম বিক্ৰী কৰা ‘কেঁচা বাদাম’ তাৰকা ভুৱন বাদয়কাৰো ৰাতিটোৰ ভিতৰতে সামাজিক মাধ্যমৰ তাৰকা হৈ পৰিছিল। পশ্চিমবংগৰ এখন সৰু গাঁৱত বাস কৰা ভুৱনে বঙালী ভাষাত এটা গীত গাইছিল, যিটো ৩ লাখতকৈও অধিক বাৰ ৰীল বনোৱা হৈছে। অৱশ্যে, আজিকালি তেওঁ ক’ত কি কৰি আছে সেইয়া কোনেও নাজানে।

শেহতীয়া বাতৰি