কোকিলকণ্ঠী গায়িকা প্ৰয়াত লতা মংগেশকাৰৰ স্মৃতিত প্ৰদান কৰা প্ৰথমটো লতা দীননাথ মংগেশকাৰ বঁটা (Lata Deenanath Mangeshkar Award) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi)ক আজি প্ৰদান কৰা হয়।
কোকিলকণ্ঠী গায়িকা প্ৰয়াত লতা মংগেশকাৰৰ স্মৃতিত প্ৰদান কৰা প্ৰথমটো লতা দীননাথ মংগেশকাৰ বঁটা (Lata Deenanath Mangeshkar Award) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi)ক আজি প্ৰদান কৰা হয়।
কালজয়ী গায়িকা তথা ভাৰতৰ কোকিলকণ্ঠী প্ৰয়াত লতা মংগেশকাৰৰ স্মৃতিত প্ৰদান কৰা প্ৰথমটো লতা দীননাথ মংগেশকাৰ বঁটা (Lata Deenanath Mangeshkar Award) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi)ক আজি প্ৰদান কৰা হয়। আজি মুম্বাইত এই সন্মানীয় বঁটা গ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। জম্মু-কাশ্মীৰৰ পৰা পোনে পোনে মুম্বাইলৈ গৈ লতাজীৰ সোঁৱৰণত প্ৰদান কৰা এই বঁটাৰ প্ৰথমটো বঁটা মোদীয়ে গ্ৰহণ কৰে।
এই বঁটা গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, লতা দিদি আমাৰ বাবে প্ৰেম আৰু শান্তিৰ প্ৰতীক হৈ জিলিকি আছে। সেয়ে তেওঁৰ নাম সম্পৃক্ত হৈ থকা এই বঁটা মই গ্ৰহণ নকৰাকৈ থাকিব নোৱাৰোঁ। মই এই বঁটা দেশবাসীৰ নামত উছৰ্গা কৰিছোঁ।
গায়িকা আশা ভোশলে (Asha Bhosle)আৰু উষা মংগেশকাৰে (Usha Mangeshkar) প্ৰধানমন্ত্ৰী মোদীক এই বঁটা প্ৰদান কৰে। উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|