• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Alia Bhatt-Ranbir Kapoor: 'বেবীমুন'ৰ বাবে সাজু হৈছে ৰণবীৰ-আলিয়া

Alia Bhatt-Ranbir Kapoor: 'বেবীমুন'ৰ বাবে সাজু হৈছে ৰণবীৰ-আলিয়া

Alia Bhatt-Ranbir Kapoor: মুম্বাইলৈ উভতি অহাৰ আগতে অলপ সময়ৰ বাবে হলেও বেবীমুন (babymoon)ৰ বাবে ৰাওনা হ’ব ৰণবীৰ-আলিয়া।

Alia Bhatt-Ranbir Kapoor: মুম্বাইলৈ উভতি অহাৰ আগতে অলপ সময়ৰ বাবে হলেও বেবীমুন (babymoon)ৰ বাবে ৰাওনা হ’ব ৰণবীৰ-আলিয়া।

Alia Bhatt-Ranbir Kapoor: মুম্বাইলৈ উভতি অহাৰ আগতে অলপ সময়ৰ বাবে হলেও বেবীমুন (babymoon)ৰ বাবে ৰাওনা হ’ব ৰণবীৰ-আলিয়া।

  • Share this:
আলিয়া ভাট্ট আৰু ৰণবীৰ কাপুৰে (Alia Bhatt-Ranbir Kapoor) প্ৰথম সন্তানক আদৰণি জনোৱাৰ কথা ঘোষণা কৰাৰ পিছৰে পৰা ট্ৰেণ্ডৰ তালিকাৰ শীৰ্ষ স্থান দখল কৰি আছে। অভিনেত্ৰীগৰাকীয়ে নিজৰ টাইমলাইনত শ্বেয়াৰ কৰা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে অনুৰাগীসকলক এই ভাল খবৰটোৰ বিষয়ে আপডেট কৰে। তাইৰ পোষ্টটোৰ কেপচনত লিখা আছিল, “আমাৰ কেঁচুৱা সোনকালে আহি আছে।”

বলীউড লাইফৰ মতে, ব্যস্ততাপূৰ্ণ সময়সূচীৰ বাবে বিয়াৰ পিছত দীঘলীয়াকৈ হনীমুন (Honeymoon)লৈ যাব নোৱাৰাৰ বাবে ন-দম্পতীয়ে অৱসৰ বিনোদনৰ বাবে ফুৰিবলৈ যোৱা বুলি জানিব পৰা গৈছে। “জুলাই মাহৰ প্ৰথমাৰ্ধত তাই শ্বুটিং শেষ কৰিব। কিন্তু দুয়োৰে টাইট সূচীৰ বাবে হনীমুনলৈ যাবলৈ দীঘলীয়া সময় নাপালে ৷ কিন্তু তেওঁলোকে মুম্বাইলৈ উভতি অহাৰ আগতে অলপ সময়ৰ বাবে হলেও বেবীমুন (babymoon)ৰ বাবে ৰাওনা হ’ব। ইউৰোপৰ গ্ৰাম্য অঞ্চল তেওঁলোকৰ পৰিকল্পনাত আছে য’ত তেওঁলোকে কেৱল ইজনে সিজনৰ সংগত জিৰণি ল’ব পাৰে আৰু আগলৈ কি হ’ব তাৰ পৰিকল্পনা কৰিব পাৰে।’-এটা সূত্ৰৰ উদ্ধৃতিৰে বলিউড লাইফে (Bollywood Life) এইদৰে কয়।

ৰণবীৰ-আলিয়াই চলিত বৰ্ষৰ ৯ ছেপ্টেম্বৰত মুক্তি পাবলগীয়া অয়ন মুখাৰ্জীৰ ব্ৰহ্মাষ্ট্ৰ (Brahmastra)ত একেলগে অভিনয় কৰিছে । ছবিখনত আলিয়া ভাটে ঈশাৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে ৰণবীৰ কাপুৰে শিৱৰ চৰিত্ৰত অভিনয় কৰিব।
Published by:Manjumoni Borah
First published: