ৰণবীৰ আৰু আলিয়া এতিয়া চৰ্চাৰ তুংগত। কিন্তু তল পৰি থকা নাই ৰণবীৰৰ মাতৃ নীতু কাপুৰো। পুত্ৰৰ বিবাহক লৈ সুখী এগৰাকী মাতৃৰ দৰে নীতু কাপুৰক দেখা গৈছে এটা বিশেষ ভিডিঅ'ত। নীতু কাপুৰৰ (Ranbir Kapoor’s mother Neetu Kapoor) এই ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এই ভিডিঅ'টোত দেখা গৈছে নীতুৱে ৰণবীৰৰ বিয়াৰ পিছত কৰা এটা নৃত্যই অনুৰাগীসকলক ইমানেই আপ্লুত কৰে যে তেওঁক প্ৰশংসা কৰি ওপচাই দিছে। ইণ্টাৰনেটত দ্ৰুতগতিত ভাইৰেল হৈ আছে এই ভিডিঅ'।
দৰাচলতে, ৰণবীৰ-আলিয়াৰ বিয়াৰ দ্বিতীয় দিনা নীতু কাপুৰ হুনাৰবাজৰ গ্ৰেণ্ড ফিনালেত ( Hunarbaaz’s finale) উপস্থিত হয়। য'ত নীতু কাপুৰে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ (Karan Johar) সৈতে তেওঁৰ বোৱাৰী আলিয়াৰ গান ধোলিড়াৰ ওপৰত ছিগনেচাৰ চিটেপ্স কৰা দেখা গৈছে। তেওঁৰ মুখৰ হাঁহিটোৱে স্পষ্টকৈ দেখুৱাইছে যে নীতু তেওঁৰ পুত্ৰৰ বিয়াত অত্যন্ত সুখী।
উল্লেখ্য যে নীতু কাপুৰ আৰু ঋষি কাপুৰে তেওঁলোকৰ পুত্ৰৰ বিবাহৰ সপোন বহুদিন ধৰি দেখি আহিছে। এতিয়া তেওঁলোক দুয়োৰে সপোন পূৰণ হৈছে। অৱশ্যে ঋষি কাপুৰ সেই সুখ গ্ৰহণ কৰাৰ বাবে এই পৃথিৱীত নাই। তথাপি তেওঁৰ আশা পূৰণ হৈছে। বিয়াৰ পিছত দম্পতীটোৰ মেহেন্দী অনুষ্ঠান, সংগীতানুষ্ঠান আৰু বিবাহৰ ফটো ইণ্টাৰনেটত ভাইৰেল হৈ আছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|