• Home
  • »
  • News
  • »
  • entertainment
  • »
  • তামিল প্ৰযোজক ৰবিন্দৰ চন্দ্ৰশেখৰণৰ সৈতে দাম্পত্য জীৱনৰ পাতনি মেলিলে দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী মহালক্ষ্মীয়ে

তামিল প্ৰযোজক ৰবিন্দৰ চন্দ্ৰশেখৰণৰ সৈতে দাম্পত্য জীৱনৰ পাতনি মেলিলে দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী মহালক্ষ্মীয়ে

জনপ্ৰিয় তামিল প্ৰযোজক ৰবিন্দৰ চন্দ্ৰশেখৰণে অভিনেত্ৰী মহালক্ষ্মীৰ সৈতে বৃহস্পতিবাৰে বিবাহপাশত আবদ্ধ হয়।

জনপ্ৰিয় তামিল প্ৰযোজক ৰবিন্দৰ চন্দ্ৰশেখৰণে অভিনেত্ৰী মহালক্ষ্মীৰ সৈতে বৃহস্পতিবাৰে বিবাহপাশত আবদ্ধ হয়।

উল্লেখযোগ্য যে, মহালক্ষ্মীয়ে পূৰ্বে অনিলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যদিও ২০১৯ চনত বিভিন্ন সমস্যাৰ বাবে বিবাহ বিচ্ছেদ কৰিছিল। তেওঁৰ পূৰ্বৰ স্বামীৰ ফালৰ এজন পুত্ৰও আছে।

  • Share this:
জনপ্ৰিয় তামিল প্ৰযোজক ৰবিন্দৰ চন্দ্ৰশেখৰণে অভিনেত্ৰী মহালক্ষ্মীৰ সৈতে বৃহস্পতিবাৰে বিবাহপাশত আবদ্ধ হয়। ৰবিন্দৰে ইনষ্টাগ্ৰামত বিয়াৰ অনুষ্ঠানৰ পৰা পত্নীৰ সৈতে ধাৰাবাহিক ছবি শ্বেয়াৰ কৰিছে। বিয়াৰ ফটোত দুয়োকে দেখাত আকৰ্ষণীয় আৰু পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা দেখা যায়।

২০২২ চনৰ ১ ছেপ্টেম্বৰৰ পুৱা ১১ বজাত তিৰুপতিত ঘনিষ্ঠ পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত ৰবীন্দ্ৰ আৰু মহালক্ষ্মীয়ে বিবাহপাশত আবদ্ধ হয়। তাৰপিছতে ইণ্টাৰনেটত বিয়পি হৈ পৰিছে দুয়োৰে বিয়াৰ ছবিবোৰ।

ৰবিন্দই নিজৰ ইনষ্টাগ্ৰামৰ পৰা মহালক্ষ্মীৰ সৈতে ছবি শ্বেয়াৰ কৰাৰ লগতে নিজৰ অনুভৱো প্ৰকাশ কৰে। ৰবিন্দৰ লিব্ৰা প্ৰডাক্ৰিয়নছ নামৰ এটা প্ৰডাকচন হাউছৰ মালিক আৰু আন কেইখনমান ছবিৰ লগতে নাটপুনা এননানু থেৰিয়ুমা আৰু মুৰুংগাইকাই চিপছকে ধৰি বহুতো তামিল চিনেমা প্ৰযোজনা কৰিছিল।

ছবি প্ৰযোজক গৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলতো ফটো শ্বেয়াৰ কৰি লিখিছে, "মহালক্ষ্মীৰ দৰে ছোৱালী পালে ক'ব যে জীৱনটো সুন্দৰ..., কিন্তু সেই মহালক্ষ্মীয়ে জীৱন পালেনে... Coming soon live in FAT MAN FACTS। কুট্টি ষ্ট'ৰী উইথ মাই ৱাইফ।"

ৱানি ৰাণী, অফিচ, চেল্লাময়, উথিৰিপুক্কল, অৰু কাই ওছাই আদি দুৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰি জনাজাত এগৰাকী জনপ্ৰিয় অভিনেত্ৰী মহালক্ষ্মী। লগতে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত বিয়াৰ ছবিসমূহ শ্বেয়াৰ কৰি প্ৰকাশ কৰে যে, "মোৰ জীৱনত তোমাক পোৱাতো মোৰ বাবে সৌভাগ্যৰ কথা.. তুমি তোমাৰ উষ্ম মৰমেৰে মোৰ জীৱনটো ভৰাই পেলালা। লাভ ইউ আম্মু।" ছবিবোৰত ৰবীন্দ্ৰক পৰম্পৰাগত মুণ্ডু সাজত দেখা গৈছে, আনহাতে, মহালক্ষ্মীয়ে ধুনীয়া দক্ষিণ ভাৰতীয় কইনাৰ সাজ-পোছাক পৰিধান কৰিছিল।

উল্লেখযোগ্য যে, মহালক্ষ্মীয়ে পূৰ্বে অনিলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যদিও ২০১৯ চনত বিভিন্ন সমস্যাৰ বাবে বিবাহ বিচ্ছেদ কৰিছিল। তেওঁৰ পূৰ্বৰ স্বামীৰ ফালৰ এজন পুত্ৰও আছে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি