জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ অসুস্থ। মঙ্গলবাৰে হেল্থ চিটি হস্পিতালত ভৰ্তি কৰা হৈছে আচুৰ্য্য বৰপাত্ৰক।
উল্লেখযোগ্য যে, বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী। কিছু গুৰুতৰ শাৰীৰিক অসুস্থতাৰ বাবে শিল্পী গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে।
খবৰ অনুসৰি, শিল্পীজনক হেল্থ চিটি হস্পিতালত ডাঃ চন্দনা শৰ্মা, ডাঃ বিকাশ চৌধুৰীৰ তত্বাৱধানত চিকিৎসা কৰি থকা হৈছে।
কিছুদিন চিকিৎসালয়তে কটাব লাগিব আচুৰ্য বৰপাত্ৰ। এই কথা সদৰি কৰে হস্পিতালখনৰ ফেচিলিটি ডাইৰেক্টৰ পৰাগজ্যোতি দত্তয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|