প্ৰাক্তন দম্পতী হৃত্বিক ৰোশন আৰু ছুছান খানে (Hrithik Roshan and Sussanne Khan) নতুন সংগী বিচাৰি পাইছে আৰু তেওঁলোক দুয়োজনেই অতি সুখী। হৃত্বিক আৰু তেওঁৰ চৰ্চিত প্ৰেমিকা ছাবা আজাদ (Saba Azad) আৰু ছুছান আৰু তেওঁৰ চৰ্চিত প্ৰেমিক আৰ্ছলান গোনি (Sussanne and Arslan Goni), আটাইকেইজনকে মঙলবাৰে মুম্বাই বিমানবন্দৰত দেখা গৈছিল। জানিব পৰা মতে তেওঁলোক আটাইকেইজনে গোৱা (Goa)ত একেলগে পাৰ্টি কৰি আছিল।
পূজা বেদী (Pooja Bedi)য়ে গেট-টুগেদাৰৰ ফটো শ্বেয়াৰ কৰিছিল, য'ত পৰিচালক অভিষেক কাপুৰৰ সৈতে ছুছানৰ ভাই-ভনী ফাৰাহ খান আলী আৰু জায়েদ খানো উপস্থিত আছিল। পূজাই পাৰ্টীৰ কেইবাখনো ছেলফি শ্বেয়াৰ কৰিছিল।
যদিও এটা কাপলেও আনুষ্ঠানিকভাৱে তেওঁলোকৰ ৰোমাঞ্চৰ কথা নিশ্চিত কৰা নাই, হৃত্বিক আৰু ছাবাই ইনষ্টাগ্ৰামত মত বিনিময়েৰে তেওঁলোকৰ সম্পৰ্কক একপ্ৰকাৰ আনুষ্ঠানিকতা দিছে। তদুপৰি, বম্বে টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পূজা বেদীয়ে হৃত্বিক-ছাবা আৰু ছুছান-আৰ্ছলানৰ সম্পৰ্ক নিশ্চিত কৰা দেখা গৈছিল।
"সকলোৱে তেওঁলোকৰ জীৱনৰ বিভিন্ন পৰ্যায়ত অৰ্থপূৰ্ণ আৰু উদ্দেশ্যপূৰ্ণ সম্পৰ্ক বিচাৰি উলিয়াব লাগিব। মই আনন্দিত যে হৃত্বিক আৰু ছুছান দুয়োজনে তেওঁলোকৰ মাজত ইমান সন্মান আৰু সমৰ্থন বজাই ৰাখিছে আৰু দুয়োজনে পুনৰ প্ৰেম পাইছে।" পূজাই কয়।
Published by: Manjumoni Borah
FIRST PUBLISHED : April 06, 2022, 18:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।