মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »MeToo: নানা পাটেকাৰৰ বিৰুদ্ধে নাই কোনো ধৰণৰ প্ৰমাণ!

MeToo: নানা পাটেকাৰৰ বিৰুদ্ধে নাই কোনো ধৰণৰ প্ৰমাণ!

অভিনেত্ৰী তনুশ্ৰী দত্তই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

অভিনেত্ৰী তনুশ্ৰী দত্তই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

  • Share this:
    বৃহস্পতিবাৰে ‘MeToo’ গোচৰ সন্দৰ্ভত নানা পাটেকাৰৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ধৰণৰ তথ্য নথকাৰ কথা অৱগত কৰে আদালতক। উল্লেখ্য যে, ছবিৰ শ্বুটিঙৰ সময়ত নানা পাটেকাৰে অশ্লীল ইংগিত দিয়াৰ লগতে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল অভিনেত্ৰী তনুশ্ৰী দত্তই। যাক লৈ ব্যাপক চৰ্চা চলিছিল বলিউডৰ লগতে সমগ্ৰ দেশতে।অভিনেত্ৰী তনুশ্ৰী দত্তই নানা পাটেকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল যে ১০ পূৰ্বে ‘হৰ্ণ অকে প্লিজ’ নামৰ ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত তেওঁক শাৰিৰীক ভাৱে নিৰ্যাতন চলাইছিল  অভিনেতা নানা পাটেকাৰে। যাৰ ফলত তেওঁ সেই ছবি এৰি দিবলৈও বাধ্য হৈছিল। অভিনেতা নানাৰ বিৰুদ্ধে এনে ধৰণৰ নিৰ্যাতনৰ অভিযোগ আনি ঘটনা ঘটাৰ প্ৰায় ৯ বছৰৰ পিছত আৰক্ষীৰ কাষ চাপিছিল অভিনেত্ৰী তনুশ্ৰী।



    পিছত ঘটনা সন্দৰ্ভত অভিনেতাজনৰ বিৰুদ্ধে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল। নানা পাটেকাৰৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিলেও উপযুক্ত প্ৰমাণ, তথ্যৰ অভাৱত তদন্ত আগুৱাই নিয়াত অসমৰ্থ হয় আৰক্ষী। ফলত এতিয়া  মুম্বাই আৰক্ষীয়ে বৃহস্পতিবাৰেআদালতত এই গোচৰৰ ‘বি চামাৰি ৰিপ’ৰ্ট’ দাখিল কৰে। ফলত এতিয়া ঘটনাত দোষমুক্ত হোৱাতো প্ৰায় নিশ্চিত হ’ল নানা পাটেকাৰ।



    নানা পাটেকাৰক প্ৰায় দোষমুক্ত কৰাৰ পিছত এতিয়া আকৌ মুখ খুলিছে  অভিনেত্ৰী তনুশ্ৰী দত্তই। তনুশ্ৰী দত্তই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এটা দুৰ্নীতিগ্ৰস্থ আৰক্ষী বাহিনী আৰু ন্যায় ব্যৱস্থাই  অভিনেতা নানা পাটেকাৰক ক্লীন শ্বিট দিছে।’ যি অত্য়ন্ত দুৰ্ভাগ্যজনক। তনুশ্ৰীয়ে আকৌ এবাৰ নানৰ বিৰুদ্ধে  বলিউডৰ বহু অভিনেত্ৰীক শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ কৰে। এনে এগৰকী অভিনেতাই কিদৰে  ক্লীন শ্বীট সেইলৈ আচৰ্য প্ৰকাশ কৰে অভিনেত্ৰী তনুশ্ৰীয়ে।

    শেহতীয়া বাতৰি