• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Pawandeep Rajan Assamese Song : অসমীয়া গীতত কণ্ঠ নিগৰালে ‘ইণ্ডিয়ান আইডল’ খিতাপ বিজেতা পৱনদীপ ৰাজনে, চাওক ভিডিঅ’

Pawandeep Rajan Assamese Song : অসমীয়া গীতত কণ্ঠ নিগৰালে ‘ইণ্ডিয়ান আইডল’ খিতাপ বিজেতা পৱনদীপ ৰাজনে, চাওক ভিডিঅ’

নিজৰ প্ৰতিভাৰ বলতে ইণ্ডিয়ান আইডল ১২ৰ খিতাপ দখল কৰিছিল পৱনদীপ ৰাজনে।

নিজৰ প্ৰতিভাৰ বলতে ইণ্ডিয়ান আইডল ১২ৰ খিতাপ দখল কৰিছিল পৱনদীপ ৰাজনে।

নিজৰ প্ৰতিভাৰ বলতে ইণ্ডিয়ান আইডল ১২ৰ খিতাপ দখল কৰিছিল পৱনদীপ ৰাজনে।

  • Share this:
পৱনদীপ ৰাজন বুলি ক’লে নতুনকৈ চিনাকি দিবলগীয়া একো নাই। ‘ইণ্ডিয়ান আইডল ১২’ খিতাপ দখল কৰা পৱনদীপ ৰাজন সংগীত ভাল পোৱা প্ৰতিজন লোকৰে চিনাকি। নিজৰ সুন্দৰ কণ্ঠৰে কোটি কোটি জনতাৰ হৃদয়ত স্থান লাভ কৰিছে পৱনদীপে। উত্তৰাখণ্ডৰ চম্পাৱতৰ উদীয়মান কণ্ঠশিল্পী পৱনদীপে ইণ্ডিয়ান আইডলৰ মঞ্চত প্ৰতিটো খণ্ডতে মন জয় কৰিছিল দৰ্শকৰ। অকল গান গোৱাই নহয়, বিভিন্ন বাদ্যযন্ত্ৰ বজোৱাতো পাকৈত পৱনদীপ। নিজৰ প্ৰতিভাৰ বলতে ইণ্ডিয়ান আইডল ১২ৰ খিতাপ দখল কৰিছিল পৱনদীপ ৰাজনে।

শেহতীয়াকৈ পৱনদীপ ৰাজনে কণ্ঠদান কৰিছে এটি অসমীয়া গীতত। ‘পগলা ফাগুণে’ শীৰ্ষক গীতটিয়ে ইতিমধ্যে ইউটিউবত জনপ্ৰিয়তা অৰ্জন কৰিছে। এই সুন্দৰ গীতটোৰ ভিডিঅ’ নিৰ্মাণ কৰা হৈছে অতি সুন্দৰ লোকেচনত।



সুৰ প্ৰডাকচনৰ এই গীতটি ৰচনা কৰিছে মনদীপ গগৈয়ে আৰু সংগীত বিভূতি গগৈৰ। অভিনয় কৰিছে সমীৰন মোহন আৰু মনিকা শৰ্মাই। কৰিঅ’গ্ৰাফ কৰিছে দীপু নেওগে। গীতটি পৰিচালনা কৰিছে মনদীপ গগৈয়ে।
Published by:Sanjay Kumar Das
First published: