মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ শ্বাহৰুখ খান-আমিৰ খানসহ বলীউদৰ তাৰকাৰ, কিয় গুজৰাটলৈ যাবলৈ আহ্বান জনালে মোদীয়ে?

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ শ্বাহৰুখ খান-আমিৰ খানসহ বলীউদৰ তাৰকাৰ, কিয় গুজৰাটলৈ যাবলৈ আহ্বান জনালে মোদীয়ে?

Photo : twitter

আমিৰ খান, শ্বাহৰুখ খান, ৰাজকুমাৰ হিৰাণী, আনন্দ এল ৰায়, কংগনা ৰানাৱট, একতা কাপুৰ, ছোনম কামপুৰৰ লগতে বহু তাৰকাই সাক্ষাত্‍ কৰে মোদীক।

  • Share this:
    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে প্ৰধানমন্ত্ৰী আৱাসত ছবি জগতৰ ৰথী–মহাৰথীসকলক সাক্ষাৎ কৰে। ২ অক্টোবৰত মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্মজয়ন্তী সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে বলীউদৰ তাৰকাসকলে। আমিৰ খান, শ্বাহৰুখ খান, ৰাজকুমাৰ হিৰাণী, আনন্দ এল ৰায়, কংগনা ৰানাৱট, একতা কাপুৰ, ছোনম কামপুৰৰ লগতে বহু তাৰকাই সাক্ষাত্‍ কৰে মোদীক।

    প্ৰধানমন্ত্ৰী মোদীয়ে কয় – গান্ধীজীৰ বিচাৰধাৰা দূৰ–দিগন্তলৈ অনুৰণিত হয়। গান্ধীজীৰ সৃজনশীল শক্তি অপাৰ আছিল। আমাৰ দেশৰ বাবে এই সৃজনশীলতাৰ এই ভাৱনাক ব্যৱহাৰ কৰা প্ৰয়োজন। মহাত্মা গান্ধীৰ আদৰ্শসমূহ জনপ্ৰিয় কৰি তুলিবলৈ ছবি আৰু টেলিভিছন জগতৰ কেইবাগৰাকীও ব্যক্তিয়ে মহৎ কাম কৰি আছে।



    এই কাৰ্যসূচীত অভিনেতা আমিৰ খানে কয় যে মই বাপুৰ আদৰ্শ জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত দিশত প্ৰয়াসৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা কৰি বিচাৰিছো। এজন সৃষ্টিশীল লোক হিচাপে আমি এইক্ষেত্ৰত বহু কিবাকিবি কৰিব পাৰিম। মই প্ৰধানমন্ত্ৰী মোদীক আশ্বস্ত কৰিব বিচাৰো যে আমি এইক্ষেত্ৰত অধিক প্ৰয়াস কৰি যাম।


    শ্বাহৰুখ খানে কয় – আমাক এটা ভাল কামৰ বাবে একত্ৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ। মই ভাৱো যে ভাৰত আৰু বিশ্বক আমি গান্ধীজীৰ সৈতে আকৌ পৰিচিত কৰা উচিত।


    আনন্দ এল ৰায়ে প্ৰধানমন্ত্ৰী মোদীক সম্বোধন কৰি কয় যে আমি মনোৰঞ্জন জগতৰ প্ৰতিনিধি হিচাপে পৰিচিত। কিন্তু আপুনি গান্ধীজীৰ আদৰ্শক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত আমাক জড়িত কৰি ইয়াৰ প্ৰতি আমাৰ দায়িত্ববোধৰ ভাৱ জাগ্ৰত কৰিলে।


    এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে সকলো শিল্পীক অনুৰোধ জনায় যে তেওঁলোকে এবাৰ দাণ্ডীত থকা গান্ধীজীৰ মিউজিয়ামলৈ যাওক। লগতে ‘ষ্টেচু অব ইউনিটী’ পৰিদৰ্শন কৰিবলৈও তাৰকাসকলক আহ্বান জনায় মোদীয়ে।






    প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত উপস্থিত থাকে এছ পি বালাসুব্ৰমনিয়ম, জেকলিন ফাৰ্ণাণ্ডেজ, জেকি শ্ৰফ, ছনু নিগম, বনী কাপুৰ, কপিল শৰ্মা, ইমতিয়াজ আলী, তাৰক মেহতাৰ উল্টা শচমা টীম, ইটিভি গোটৰ সদস্যও উপস্থিত আছিল।
    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    শেহতীয়া বাতৰি