• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Sussanne Khan Hilarious Dress: আজৱ ড্ৰেছ পিন্ধি ওলাইছে ঋত্বিক ৰোশনৰ প্ৰাক্তন পত্নী ছুজেন খান। এজনে ক'লে 'তাঁৰৰ দোকান!'

Sussanne Khan Hilarious Dress: আজৱ ড্ৰেছ পিন্ধি ওলাইছে ঋত্বিক ৰোশনৰ প্ৰাক্তন পত্নী ছুজেন খান। এজনে ক'লে 'তাঁৰৰ দোকান!'

ঋত্বিক ৰোশন (Hrithik Roshan) আৰু ছুজেন খান  (Sussanne Khan)ৰ ফটো প্ৰায়েই ছচিয়েল মিডিয়াত ভাইৰেল হৈ থাকে।

ঋত্বিক ৰোশন (Hrithik Roshan) আৰু ছুজেন খান (Sussanne Khan)ৰ ফটো প্ৰায়েই ছচিয়েল মিডিয়াত ভাইৰেল হৈ থাকে।

ঋত্বিক ৰোশন (Hrithik Roshan) আৰু ছুজেন খান (Sussanne Khan)ৰ ফটো প্ৰায়েই ছচিয়েল মিডিয়াত ভাইৰেল হৈ থাকে।

  • Share this:
অভিনেতা ঋত্বিক ৰোশন (Hrithik Roshan)ৰ প্ৰাক্তন পত্নী তথা ইণ্টেৰিয়ৰ ডিজাইনাৰ ছুজেন খান (Sussanne Khan)ৰ কিছুমান ফটো ইণ্টাৰনেটত ভাইৰেল হ'ব ধৰিছে। এই ফটোসমূহত আজৱ ধৰণৰ ড্ৰেছ পিন্ধি ওলাইছে ছুজেন খানে। নোহোৱা-নোপজা ধৰণৰ ড্ৰেছ পিন্ধি ফটো উঠাৰ পাছতেই হৈছে ভাইৰেল।

অনুমান কৰা হৈছে ছুজেনৰ এই ড্ৰেছ নানাৰঙী ৱায়াৰে (wire)ৰে প্ৰস্তুত কৰা হৈছে। এই ড্ৰেছযোৰ ডিজাইন কৰিছে ফেছন ডিজাইনাৰ আবু জনী সন্দীপ খোছলাই।

এই ফটোকেইখনত লাইকৰ সমানে সমানে প্ৰাণভৰি কমেণ্ট কৰিছে অনুৰাগী আৰু নেটিজেনে। কিছুমানে যদি ছুজেন খানৰ ৰূপৰ বন্দনা কৰিছে কিছুমানে আকৌ অদ্ভূত ড্ৰেছযোৰৰ কাৰণে ধেমালিসুলভ মন্তব্যও কৰিছে। এজনেটো লিখিয়েই পেলালে, "ৱায়াৰৰ দোকানৰ দৰে লাগিছে" (wires ki dukan lag rahi hai) বুলি।  উল্লেখ্য যে ঋত্বিক আৰু ছুজেনৰ জোৰা বলীউডৰ অন্যতম মৰমীয়াল জোৰা বুলি বিখ্যাত আছিল। কিন্তু ১৪ বছৰ একেলগে কটোৱাৰ পাছত দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল।

Instagram @suzkr


Instagram @abujanisandeepkhosla


বিচ্ছেদৰ পিছতো অৱশ্যে ঋত্বিক আৰু ছুজেনক সন্তানৰ কাৰণে প্ৰায়ে একেলগে দেখা যায়। দুয়োজনে ৰেহান আৰু ৰিদানৰ লগত প্ৰায় একেলগে সময় অতিবাহিত কৰে। যোৱা বাৰ লকডাউনৰ সময়ত সন্তানৰ সৈতে ছুজেন আহি  ঋত্বিকৰ ঘৰতে আছিল বহু দিন। ছুজেনৰ কাৰণে ঋত্বিকে ঘৰতে এটা অফিছো সাজি দিছিল।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি