বুধবাৰে মুক্তি লাভ কৰিলে শ্বাহৰুক খান অভিনীত বহুচৰ্চিত বোলছবি 'পাঠান'। বহু বিতৰ্কৰ অন্তত চিনেমা হলত বোলছবিখন উপভোগ দৰ্শকে ভিৰ কৰিছে। অসমৰ আন আন ঠাইৰ লগতে ৰঙিয়াৰ ডিলাইট চিনেমা হলতো 'পাঠান' চাবলৈ দৰ্শকৰ হেতা-ওপৰা লাগিছে। প্ৰথম দিনাৰ চাৰিটা দৰ্শনীতে চিনেমা হলটো হাউচফুল বুলি জানিবপৰা গৈছে। ৰঙিয়াৰ এই চিনেমা হলটোত অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় ২৪শ দৰ্শকে পাঠান চাবলৈ দৰ্শকে ভিৰ কৰিছে। দৰ্শকৰ কোনোৱে যদি ৰে'লেৰে ৰঙিয়াত উপস্থিত হয়, আন কোনোৱে ব্যক্তিগত বাহন ভাড়া কৰি চিনেমা চাবলৈ আহিল।
উল্লেখ্য যে, 'পাঠান' চিনেমাখন চোৱাৰ পূৰ্বেই দৰ্শকে পইচা ৱচুল চিনেমা বুলি আখ্যা দিলে। বোলছবিখনে প্ৰথম দিনাখনৰ পৰাই ব্যাপক সঁহাৰি লাভ কৰা দেখা গৈছে। ইফালে চিনেমা হলৰ চৌহদত এছআৰকেৰ ফেন ক্লাৱে কেক কাটি ফটকা ফুটাই আনন্দ–উল্লাস কৰাও পৰিলক্ষিত হয়।
উল্লেখ্য যে, ডিলাইট চিনেমা হল কৰ্তৃপক্ষই দৰ্শকক আকৰ্ষিত কৰিবলৈ চিনেমা হলটোৰ চাৰিওফালে সজাই তুলিছে। ইয়াৰোপৰি পথৰ কাষৰ পৰা সকলোকে স্বাগতম জনাই আদৰি আনিছে। চিনেমা হল কৰ্তৃপক্ষৰ এই পদক্ষেপক লৈ খুবেই উৎফুল্লিত দৰ্শক ৰাইজ।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|