বলীউদ অভিনেতা শ্বাহৰুখ খানৰ (Shah Rukh Khan) ছবি ‘পাঠান’ (Pathaan) ছবিগৃহত আজি মুক্তিলাভ কৰিছে। কিন্তু ছবিখনৰ মুক্তিৰ পূৰ্বেই এক ৰিপ’ৰ্টক লৈ ছবিখনৰ নিৰ্মাতাৰ টোপনি নোহোৱা হৈছে। জুম টিভিৰ ৰিপ’ৰ্ট অনুসৰি, Tamilrockers, Filmy4wap, Filmyzilla, Mp4movies, Pagalworld আৰু Vegamoviesৰ দৰে ৱেবছাইটে মুক্তিৰ পূৰ্বে শ্বাহৰুখ খানৰ ‘পাঠান’ ছবিখন লীক কৰিছে।
ৰিপ’ৰ্ট অনুসৰি, এই ৱেবছাইটসমূহত ‘পাঠান’ ছবিখনৰ এইচডি প্ৰিণ্ট উপলব্ধ। যিসকল লোকে ছবিখন চাবলৈ ইচ্ছুক তেওঁলোকে ঘৰতে বহি চাব পাৰিব আৰু ইয়াৰ ফলত ছবিখনৰ ব্যৱসায়ত প্ৰভাৱ পৰিব পাৰে। ছবিখনৰ অনলাইন লীকৰ খবৰে নিৰ্মাতাক চিন্তিত কৰি তুলিছে। ট্ৰেড বিশেষজ্ঞসকলেও বিশ্বাস কৰে যে যদি ছবিখন অনলাইনত ফাদিল হয় তেন্তে বক্স অফিচৰ পৰিসংখ্যাত ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিব। যিবোৰ ৱেবছাইটত ছবিখন ফাদিল হৈছে, সেইবোৰৰ বিৰুদ্ধে নিৰ্মাতাই কঠোৰ ব্যৱস্থা ল’ব পাৰে।
কিছুদিন পূৰ্বে শ্বাহৰুখ খানৰ ‘পাঠান’ৰ ট্ৰেইলাৰো লীক হৈছিল আৰু এতিয়া ছবিখনৰ প্ৰিণ্ট লীক হোৱাক লৈ চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষজ্ঞৰ মতে, ‘পাঠান’ ছবিখনে বক্স অফিচত ৪৫ৰ পৰা ৫০ কোটি টকাৰ মাজত অপেনিং কৰিব। য়শৰাজ ফিল্মছৰ বেনাৰত নিৰ্মাণ হৈছে এই বহুচৰ্চিত ছবিখন।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|