পৰিনীতি চোপ্ৰাৰ অনুৰাগীৰ মনত আজিকালি মাত্ৰ এটা জ্বলন্ত প্ৰশ্ন - "সেই বিশেষ দিনটো কেতিয়া?" বিশেষকৈ মুম্বাই বিমানবন্দৰত দুয়োকে একেলগে দেখা পোৱাৰ পিছত যেন সকলোৱে নিশ্চিত হৈছে যে পৰিনীতি আপ নেতা ৰাঘৱ চাধাৰ সৈতে এংগেজ হৈছে। আৰু তাৰ ওপৰত পৰিনীতিয়ে আঙুলিত চিকচিকিয়া নতুন ৰূপালী বেণ্ড পিন্ধা দেখা গৈছে! তেওঁলোকৰ বিয়াৰ উৰাবাতৰি বনজুইৰ দৰে বিয়পি পৰাটো কোনো আচৰিত কথা নহয়। কিন্তু এতিয়া এই নতুন দম্পতীৰ বিয়াৰ পৰিকল্পনাৰ বিষয়ে ইণ্ডিয়া টুডেক জনাইছে এক বিশ্বাসযোগ্য সূত্ৰই।
ইণ্ডিয়া টুডেৰ খবৰ অনুসৰি পৰিনীতি আৰু ৰাঘৱৰ ঘনিষ্ঠ এজন ব্যক্তিয়ে ইতিমধ্যে তেওঁলোকৰ এংগেজমেণ্ট অনুষ্ঠান অনুষ্ঠিত হোৱা বুলি প্ৰকাশ কৰিছে। সূত্ৰটোৱে লগতে উল্লেখ কৰিছে যে এইটো এটা ব্যক্তিগত অনুষ্ঠান আছিল। এনে লাগে যেন চলিত বৰ্ষৰ অক্টোবৰৰ শেষৰ ফালে এই দম্পতীয়ে বিবাহপাশত আবদ্ধ হোৱাৰ পৰিকল্পনা কৰিছে। কিন্তু তেওঁলোকৰ কোনো খৰখেদা নাই আৰু বিয়াৰ প্ৰস্তুতিত ডুব যোৱাৰ আগতে পূৰণ কৰিবলগীয়া পূৰ্বৰ কৰ্ম প্ৰতিশ্ৰুতি আছে। সেই সময়তে পৰিনীতিৰ জ্য়েষ্ঠ ভগ্নী প্ৰিয়ংকা চোপ্ৰাও ভাৰত ভ্ৰমণৰ সম্ভাৱনা আছে। JIO MAMI চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিব, য’ত তেওঁ অধ্যক্ষ হিচাপে থাকিব।
শেহতীয়াকৈ ডিজাইনাৰ মনীষ মালহোত্ৰাৰ বাসগৃহত পৰিনীতিক দেখা পোৱাৰ ফলত বিয়াৰ ট্ৰাউছ’ৰ পৰিকল্পনাৰ উৰাবাতৰিৰ সৃষ্টি হয়। বগা পেণ্টছুট, ক’লা ক্ৰপ টপ, চিকচিকিয়া হেণ্ডবেগ আৰু ক’লা হিলৰ সৈতে মেচ কৰা সাজত তেওঁক স্মাৰ্ট দেখা গৈছিল। পাপাৰাজীৰ সন্মুখত পোজ দিছিল যদিও বিয়াৰ কথা সোধাত অভিনেত্ৰীগৰাকীয়ে লাজতে ৰঙা পৰি বলীউডৰ ‘ইট’ ডিজাইনাৰ শ্বাংকি বাংলোৰ ভিতৰত সোমাই যায়।
মুম্বাইত দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ ডেটত একেলগে দেখা পোৱাৰ পিছতে পৰিনীতি আৰু ৰাঘৱে ডেটিংৰ বাতৰিৰ সৃষ্টি কৰে। বিগত এমাহত এই যুটিটোক দিল্লী আৰু মুম্বাইত যথেষ্ট বাৰ দেখা গৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত যুৱ সাংসদজনক পৰিনীতিৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছিল, যেতিয়া তেওঁ সংসদৰ পৰা ওলাই আহিছিল। মুখত হাঁহি এটা মাৰি ৰাঘৱে উত্তৰ দিলে, “আপ মুঝছে ৰাজনীতি কে সাৱাল কৰিয়ে, পৰিনীতি কে না কৰিয়ে (পৰিনীতি নহয়, ৰাজনীতিৰ বিষয়ে মোক প্ৰশ্ন সুধিব)।
Published by: Subham Goswami
FIRST PUBLISHED : April 21, 2023, 11:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।