মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »‘আপুনি কিয় প্ৰাণ দিলে?’ পেৰানৰ্মেল এক্সপাৰ্ট ষ্টীভ হাফে সুশান্ত সিং ৰাজপুতৰ ‘আত্মা’ক সোধা প্ৰশ্নৰ কি উত্তৰ আহিল?

‘আপুনি কিয় প্ৰাণ দিলে?’ পেৰানৰ্মেল এক্সপাৰ্ট ষ্টীভ হাফে সুশান্ত সিং ৰাজপুতৰ ‘আত্মা’ক সোধা প্ৰশ্নৰ কি উত্তৰ আহিল?

আমেৰিকাৰ পেৰানৰ্মেল এক্সপাৰ্ট ষ্টীভ হাফে সুশান্ত সিং ৰাজপুতৰ অনুৰাগীৰ দাবী মানি নিজৰ বিশেষ যন্ত্ৰৰে সুশান্তৰ ‘আত্মা’ৰ সৈতে স্পিৰিট বক্স চেশ্যন কৰিছিল। তেওঁৰ দাবী যোৱা ১৩জুলাইত তেওঁ এই চেশ্যন কৰিছিল আৰু সুশান্তৰ আত্মা আন দুটা আত্মাৰ সৈতে একেলগে আহিছিল। 

  • Share this:
আমেৰিকাৰ পেৰানৰ্মেল এক্সপাৰ্ট ষ্টীভ হাফে দাবী কৰিছে যে তেওঁ সুশান্ত সিং ৰাজপুতৰ আত্মাৰ সৈতে কথা পাতিছিল। সুশান্তৰ বহু অনুৰাগীয়ে অনুৰোধ কৰাৰ পিছত তেওঁ নিজৰ বিশেষ যন্ত্ৰৰ সৈতে সুশান্তৰ আত্মাৰ সৈতে স্পিৰিট বক্স চেশ্যন কৰিছিল। ষ্টীভে এটা ভিডিও নিজৰ ফেচবুক পেজত শ্বেয়াৰ কৰি কৈছে যে সুশান্তৰ আত্মা যথেষ্ট শক্তিশালী আছিল আৰু তেওঁৰ সৈতে কথা পাতি অবিশ্বাস্য অভিজ্ঞতা হ’ল।

ষ্টীভে পোষ্টত লিখিছে–‘তেওঁ মোক পোনে পোনে উত্তৰ দিছিল। আগতকৈ যথেষ্ট স্পষ্টৰূপত আৰু নিজৰ কণ্ঠৰে। মই শীঘ্ৰেই আৰু এটা চেশ্যন কৰিম য’ত আৰু বহু গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিবলগীয়া আছে।’ ১৩জুলাইত ষ্টীভে এই চেশ্যন কৰিছিল আৰু তেওঁৰ দাবী সুশান্তৰ আত্মা আহিছিল।

পেৰানৰ্মেল এক্সপাৰ্ট ষ্টীভ হাফৰ যন্ত্ৰাংশৰ কিছু দৃশ্য।

ভিডিওত ষ্টীভে সুশান্তৰ নাম লৈ সুধিছে যে আপোনাৰ মনত আছে নে আপোনাৰ মৃত্যু কেনেকৈ হৈছিল? ইয়াৰ উত্তৰত এটা কণ্ঠ ভাঁহি আহে। ষ্টীভে সোধা প্ৰশ্নৰ ইংৰাজীতে উত্তৰ আহে যে,- 'ইয়াত বহুত পোহৰ হাফ, তেওঁলোকক কোৱা মই পোহৰ পাইছো। এতিয়া এই পোহৰ কমি গৈছে। তেওঁলোকে তোমাক চাই আছে। মই সঁচাকৈ ভগৱানক লগ পাব খুজিছিলো। মই তেওঁলোকক কি ক’ব বিচাৰো জানেনে? তেওঁৰ আত্মা ঠিকে আছে আৰু স্বৰ্গত আছে।’ 

যেতিয়া ষ্টীভে সুশান্তক সোধে যে আপুনি কিয় প্ৰাণ দিলে তেতিয়া যন্ত্ৰৰ পৰা উত্তৰ আহে, পৰিৱৰ্তনৰ কাৰণে।

ষ্টীভৰ দাবী যে সুশান্তৰ আত্মা যথেষ্ট শক্তিশালী আছিল আৰু তেওঁ অকলে অহা নাছিল। এজন পুৰুষ আৰু এগৰাকী মহিলাৰ আত্মা লগত আহিছিল।

উল্লেখ্য যে, সুশান্তৰ আত্মাৰ সৈতে কথা পতাৰ দাবী ইয়াৰ আগতেও একাধিক বাৰ কৰিছে বিভিন্নজনে।

(News18-এ  ভিডিওত সুশান্তৰ আত্মা থকাৰ পুষ্টি নকৰে। ষ্টীভে কৰা ভিডিওৰ তথ্য অনুৰাগীসকলৰ কাৰণে মাত্ৰ আগবঢ়াই দিছে।)

শেহতীয়া বাতৰি