ৰাজ্যত অব্যাহত আছে মঞ্চ বিহুৰ অনুষ্ঠান। ৰাজ্যৰ আগশাৰীৰ প্ৰায় প্ৰতিগৰাকী কণ্ঠশিল্পীয়েই এতিয়া ব্যস্ত মঞ্চত গীত পৰিৱেশন কৰাত।
এইবাৰ বিহুমঞ্চত সৰ্বাধিক চৰ্চিত জনপ্ৰিয় কণ্ঠশিল্পী পাপনৰ শেহতীয়া গীত 'কৈ নিদিয়া কিয়'! পাপনে প্ৰতিখন বিহু মঞ্চতে দৰ্শকৰ বিপুল দাবীক তিনি চাৰিবাৰ পৰ্যন্ত গাবলগীয়া হৈছে গীতটো। গীতটোত পাপনৰ লগতে কণ্ঠদান কৰিছে বলীউদৰ কণ্ঠশিল্পী শ্ৰেয়া ঘোষালে।
শেহতীয়াকৈ এই জনপ্ৰিয় গীতটো মঞ্চত পৰিৱেশন কৰি ছচিয়েল মিডিয়াত সমাদৰ লাভ কৰিছে দুটি কণমানিয়ে। কণমানি দুটিয়ে একেলগে পৰিৱেশন কৰা গীতটোৰ ভিডিও এতিয়া ভাইৰেল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|