৯৪সংখ্যক একাডেমী পুৰস্কাৰত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিলে ছেইন হেডাৰ পৰিচালিত ‘কোডা’ই। দ্য বেটাৰ ফেমিলীৰ পৰা নিৰ্মিত এই ছবিখন মুক্তি পাইছিল এপল টিভি প্লাছত। ছবিখনত অভিনয় কৰিছে মাৰলিন মাৰ্টলিন, ট্ৰয় কোটছাৰে। ২০১৪ চনত এখন ফৰাচী ছবি নিৰ্মাণ হৈছিল, যাৰ নাম আছিল ‘লা ফেমিলিয়াৰ বিলিফ’। সেই ছবিখনৰ ওপৰত নিৰ্ভৰ কৰিয়ে নতুন ছবিখন নিৰ্মাণ হৈছে। ৰুবি ৰোছি নামৰ এগৰাকী কন্যাৰ জীৱন আৰু পৰিয়ালক লৈ নিৰ্মিত ছবিখনত দেখা গৈছে এক বধিৰ পৰিয়ালৰ একমাত্ৰ শ্ৰমণক্ষমতা সম্পন্ন কন্যাই কিদৰে পৰিয়ালৰ ব্যৱসায় আৰু ব্যক্তিগত জীৱনৰ মাজত এখ সংযোগ তৈয়াৰৰ চেষ্টা কৰে।
এইবাৰৰ অস্কাৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে ‘দ্য আইচ অব টেমি ফায়ে’ ছবিত অভিনয়ৰ বাবে জেছিকা ছেষ্টেনে। শ্ৰেষ্ঠ অভিনেত্ৰীৰ তালিকাত আছিল পেনেলোপে ক্ৰুজ, নিকোল কিডমেনৰ দৰে অভিনেত্ৰীসকল। আনহাতে, শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে উইল স্মিথে ‘কিং ৰিচাৰ্ড’ ছবিৰ বাবে। তেওঁ পিছ পেলালে বেনেডিক্ট কাম্বাৰবেচ আৰু ডেনজেল ৱাশ্চিংটনৰ দৰে অভিনেতাক। উইল স্মিথৰ জয়ৰ পিছত তেওঁৰ বক্তব্য আছিল সকলোকে অবাক কৰা ধৰণৰ। পুৰস্কাৰ হাতত লৈ কান্দি পেলালে অভিনেতাজনে। উইল স্মিথৰ বিশ্বজোৰা খ্যাতিৰ লগতে এই পুৰস্কাৰে এক নতুন দিগন্তৰ উন্মোচন কৰিলে।
এইবাৰৰ শ্ৰেষ্ঠ ছবিৰ তালিকাত আছিল ডুন, দ্য ট্ৰেজেডি অব মেকবেথৰ দৰে ছবি। চাওক শ্ৰেষ্ঠত্বৰ তালিকা।
শ্ৰেষ্ঠ ছবি – কোডা
শ্ৰেষ্ঠ অভিনেত্ৰী – জেছিকা চেষ্টেন
শ্ৰেষ্ঠ অভিনেতা – উইল স্মিথ
শ্ৰেষ্ঠ পৰিচালক – জেন কেম্পিঅন
বেষ্ট অৰিজিনেল ছং – নো টাইম টু ডাই – নো টাইম টু ডাই
বেষ্ট প্ৰডাকচন ডিজাইন – ডুন
বেষ্ট ডকুমেণ্টেৰী ফিচাৰ – ছামাৰ অব ছ’ল
বেষ্ট এডিটিং – ডুন
বেষ্ট বেকগ্ৰাউণ্ড স্ক’ৰ – হেনছ জিমান, ডুন
বেষ্ট লাইভ একশ্যন শ্বৰ্ট – দ্য লং গুডবাই
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|