• Home
  • »
  • News
  • »
  • entertainment
  • »
  • গৌৰী খান নহয়, লতা মংগেশকাৰৰ শেষকৃত্য অনুষ্ঠানত শ্বাহৰুখ খানক কোন যুৱতীয়ে সংগ দিলে?

গৌৰী খান নহয়, লতা মংগেশকাৰৰ শেষকৃত্য অনুষ্ঠানত শ্বাহৰুখ খানক কোন যুৱতীয়ে সংগ দিলে?

দেওবাৰে লতা মংগেশকাৰৰ শেষকৃত্য অনুষ্ঠানত শ্বাহৰুখ খানৰ সৈতে একেলগে দেখা হল তেওঁৰ মেনেজাৰ পূজা ডডলানীক।

দেওবাৰে লতা মংগেশকাৰৰ শেষকৃত্য অনুষ্ঠানত শ্বাহৰুখ খানৰ সৈতে একেলগে দেখা হল তেওঁৰ মেনেজাৰ পূজা ডডলানীক।

দেওবাৰে লতা মংগেশকাৰৰ শেষকৃত্য অনুষ্ঠানত শ্বাহৰুখ খানৰ সৈতে একেলগে দেখা হল তেওঁৰ মেনেজাৰ পূজা ডডলানীক।

  • Share this:
বহুদিনৰ পিছত দেওবাৰে ৰাজহুৱা স্থানত দেখা গ'ল বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানক। লতা মংগেশকাৰৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে শ্বাহৰুখ। কিন্তু সেইসময়তে শ্বাহৰুখৰ কিছুমান ফটো দেখি এতিয়া কনফিউজড অনুৰাগী!

শেষকৃত্য অনুষ্ঠানত শ্বাহৰুখ খানৰ সৈতে একেলগে দেখা গ'ল তেওঁৰ মেনেজাৰ পূজা ডডলানীক। বহুতে পূজাক শ্বাহৰুখৰ পত্নী গৌৰী খান বুলিয়েই ধৰি লৈছিল। পূজা আৰু শ্বাহৰুখ খানে একেলগেই লতা মংগেশকাৰক শ্ৰদ্ধাঞ্জলী জনায়। শ্বাহৰুখ খানে ইছলামধৰ্মীয় নিয়মত শ্ৰদ্ধাঞ্জলি জনোৱাৰ বিপৰীতে পূজাই হিন্দু ধৰ্মীয় নিয়মত শ্ৰদ্ধাঞ্জলী জনায়।


এনে ফটো দেখি এজনে লিখিছে- 'এইখনেই ভাৰতবৰ্ষ। শ্বাহৰুখ খান আৰু গৌৰী খানে লতা মংগেশকাৰলৈ শেষ শ্ৰদ্ধা যাচিছে।' পিছত শ্বাহৰুখ খানৰ অনুৰাগীয়ে অনলাইনৰ জৰিয়তে বহুলোকক ভূল ভাঙি দিবলৈ চেষ্টা কৰে যে, সেয়া গৌৰী নহয় পূজাহে।



বহুবছৰ ধৰি শ্বাহৰুখ কানৰ সৈতে কাম কৰি আছে পূজাই। শেহতীয়াকৈ গৌৰী খান, ফাৰাহ খান, চিম খান, মনদ্বীপ কাপুৰৰ সৈতে এটা লান্স পাৰ্টিত দেখিবলৈ পোৱা গৈছিল পূজাক।পূজাই প্ৰায়ে ছচিয়েল মিডিয়াত খান পৰিয়ালৰ সৈতে ফটো শ্বেয়াৰ কৰে। আৰিয়ান খানৰ ড্ৰাগছ গোচৰৰ সময়তো তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছিল।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি