‘ৰাইনো এক্সপ্ৰেছ’! ৰাইনো এক্সপ্ৰেছত উঠি এইবাৰ একেলগে যাত্ৰা আৰম্ভ কৰিব অমৃতা গগৈ আৰু ‘কে কে চাৰ’ হিচাপে জনাজাত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা। কিন্তু দুয়োগৰাকী অভিনেতা–অভিনেত্ৰী ক’লৈ যাব? অহা ৫ জুনত চলিব ৰাইনো এক্সপ্ৰেছ।
আচলতে ৰাইনো এক্সপ্ৰেছ এখন আহিবলগীয়া অসমীয়া ছবিৰ নাম। অহা ৫ জুনত মুক্তিলাভ কৰিব ছবিখনে। ইতিমধ্যে ছবিখনত এটা গীতৰ ভিডিঅ’ মুকলি কৰা হৈছে। মনি সিনহাৰ পৰিচালিত ছবিখনত অমৃতা গগৈ, সিদ্ধাৰ্থ শৰ্মাৰ উপৰিও অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা বিবেক বৰা আৰু উদয়ন দুৱৰাই।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 08, 2020, 12:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|