মুম্বাই: গায়িকা নেহা কক্কৰ আজি সকলোৰে মাজতে জনপ্ৰিয়। মানুহে তেখেতৰ গান ভাল পায়। নেহা কক্কৰে এতিয়ালৈকে তেখেতৰ কেৰিয়াৰত বহুতো চুপাৰহিট গান গাইছে। গায়িকা গৰাকী কেৱল গানৰ বাবেই নহয় কিন্তু তাইৰ চেলফিৰ বাবেও চৰ্চিত হৈ আছে। কিন্তু তেখেত আজি থকা স্থানলৈ কৰা যাত্ৰাটো বহুত সংগ্ৰামৰ আছিল। নেহা কক্কৰ এই সফলতা অতি সহজে লাভ কৰা নাই। নেহা কক্কৰে বহু সময়ত তেখেতৰ জীৱন সংগ্ৰামৰ বিষয়ে উল্লেখ কৰিছে। গায়িকা গৰাকীৰ সংগ্ৰামৰ বিষয়ে জানো আহক...
নেহা কক্কৰৰ নাম আজি শীৰ্ষ গায়কসকলৰ ভিতৰত অন্যতম। নেহাই গান গোৱাৰ উপৰিও, সংগীতৰ ৰিয়েলিটি শ্ব’ৰ বিচাৰক। নেহাই এবাৰ এটা সংগীতৰ অনুষ্ঠান ('চা ৰে গা মা পা লিটিল চেম্পছ)ত তেখেতৰ ভগ্নী চনুক তেখেতৰ সফলতাৰ কৃতিত্ব দিছিল। অনুষ্ঠানটোত নেহাই কৈছিল, "মই চাৰি বছৰ বয়সৰ পৰা গান গাবলৈ আৰম্ভ কৰিছিলোঁ। চনু বাইদেৱে বহুত সৰুৰে পৰা গান গাবলৈ লৈছিল। মোৰ পৰিয়ালৰ সংগীত ক্ষেত্ৰৰ লগত কোনো সম্পৰ্ক নাই। চনু বাইদেউ আমাৰ পৰিয়ালৰ প্ৰথম গৰাকী গায়িকা আছিল। সম্ভৱতঃ তেখেত নাথাকিলে আজি মইও গায়িকা নহ’লোহেতেন। এই সকলোবোৰ চনু বাইদেউৰ কাৰণে সম্ভৱ হৈছে। চনু আৰু টনি (ভাতৃ) মোৰ জীৱন।"
নেহা এখন সৰু চহৰৰ পৰা আহিছে। সেয়েহে তেখেতৰ ওপৰত বহুতো নিষেধাজ্ঞা আছিল। তেখেতে এবাৰ কৈছিল যে সৰু চহৰৰ লোকসকলৰ ডাঙৰ সপোন দেখাৰ অধিকাৰো নাই। এইটো কেৱল ভাল কিবা এটা কৰাৰ প্ৰয়াস আছিল। “আমাৰ ঘৰৰ অৰ্থনৈতিক অৱস্থা খুব ভাল নাছিল। পাপাই চনু বাইদেউৰ কলেজৰ বাহিৰত চাহ আৰু চিঙৰা বিক্ৰী কৰিছিল, যাৰ ফলত শিশুসকলে তেখেতক ঠাট্টা কৰিছিল।" নেহা কক্কাৰে গানৰ জৰিয়তেও তেখেতৰ জীৱনৰ কাহিনীবোৰ সকলোৰে সন্মুখত ব্যক্ত কৰিছে।
নেহাই পুনৰ যোগ দিছিল, "টনি তেতিয়া বহুত সৰু আছিল, কিন্তু সি আমাৰ দুয়োজনৰ বাবে গান লিখিছিল। অৱশেষত, তেখেতৰ গান "মিলে হো তুম হুমকো" হিট হৈছিল আৰু ১০০ নিযুততকৈও অধিক ভিউজ লাভ কৰিছিল। এনেদৰে আমি ক্ৰমান্বয়ে সফল হৈছিলো।"
চেষ্টা কৰা মানুহে সহজে হাৰ নামানে আৰু এদিন সফল হয়েই, নেহা কক্কৰে ইয়াকে প্ৰমাণ কৰিছে। নেহাই কেৱল ডাঙৰ সপোন দেখাই নাছিল এইবোৰ পূৰণো কৰিছিল। নেহাৰ আজি নিজৰ বিলাস বহুল ঘৰ আছে আৰু বহুতো ব্যয়বহুল গাড়ী আছে। নেহাই প্ৰায়ে তেখেতৰ স্বামীৰ সৈতে ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰে।
FIRST PUBLISHED : February 08, 2021, 17:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।