
নেহা কক্কৰ বৰ্তমান সময়ত অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী। ইণ্ডিয়ান আইডলৰ দ্বিতীয় ছিজনত ভাগ লৈছিল কণ্ঠশিল্পীগৰাকীয়ে।
নেহা কক্কৰ বৰ্তমান সময়ত অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী। ইণ্ডিয়ান আইডলৰ দ্বিতীয় ছিজনত ভাগ লৈছিল কণ্ঠশিল্পীগৰাকীয়ে।
কণ্ঠশিল্পী নেহা কক্কৰ, বৰ্তমান ইণ্ডিয়ান আইডল ১২ ছিজনৰ বিচাৰক। কিন্তু এটা সময়ত নেহা কক্কৰ আছিল ইণ্ডিয়ান আইডলৰ প্ৰতিযোগী। ইণ্ডিয়ান আইডলৰ দ্বিতীয় ছিজনত ভাগ লৈ প্ৰথম পৰ্যায়তে শ্ব'ৰ পৰা বাহিৰ হ'বলগীয়া হৈছিল নেহা।
নেহা কক্কৰে অনুষ্ঠানত গোৱা ৰিফিউজি ছবিৰ 'এইচা লগতা হ্যে' শীৰ্ষক গীত শুনি বিচাৰকৰ আসনত থকা সংগীত পৰিচালক অনু মালিকে নিজকে নিজে চৰিয়াইছিল। নেহাই আগবঢ়োৱা নিৰাশজনক প্ৰদৰ্শনত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল চনু নিগম আৰু ফাৰাহ খানেও।
নেহাৰ গীত শুনি অনু মালিকে কৈছিল, নেহা কক্কৰ...তেৰী আৱাজ চুন কৰ লগতা হ্যে ম্যে অপনে মোহ পৰ থাপ্পৰ মাৰো। অর্থাৎ 'তোমাৰ কণ্ঠ শুনি এনে লাগিছে যেন, নিজকে নিজে মই চৰ মাৰো।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|