உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Neha Kakkar Baby Bump : নেহা কক্কৰ সঁচাকৈ গৰ্ভৱতী নেকি, স্থিতি স্পষ্ট কৰিলে নেহাই, ভাইৰেল ফটোক লৈ ক'লে এই ডাঙৰ কথা

    Neha Kakkar Baby Bump : নেহা কক্কৰ সঁচাকৈ গৰ্ভৱতী নেকি, স্থিতি স্পষ্ট কৰিলে নেহাই, ভাইৰেল ফটোক লৈ ক'লে এই ডাঙৰ কথা

    Neha Kakkar Baby Bump : নেহা কক্কৰে অভিযোগ কৰে যে কিছুমান ইউটিউব চেনেলে তেওঁৰ ফটো মৰ্ফ কৰি বেবী বাম্প লগাই উৰাবাতৰি বিয়পাইছে।

    Neha Kakkar Baby Bump : নেহা কক্কৰে অভিযোগ কৰে যে কিছুমান ইউটিউব চেনেলে তেওঁৰ ফটো মৰ্ফ কৰি বেবী বাম্প লগাই উৰাবাতৰি বিয়পাইছে।

    Neha Kakkar Baby Bump : নেহা কক্কৰে অভিযোগ কৰে যে কিছুমান ইউটিউব চেনেলে তেওঁৰ ফটো মৰ্ফ কৰি বেবী বাম্প লগাই উৰাবাতৰি বিয়পাইছে।

    • Share this:
    জনপ্ৰিয় গায়িকা নেহা কক্কৰে (Neha Kakkar) তেওঁৰ সন্তান জন্ম দিয়াক লৈ মুকলিকৈ কৰিলে স্থিতি স্পষ্ট। বিগত কিছুদিন ধৰি নেহা কক্কৰে গৰ্ভধাৰণ কৰা বুলি এখন বিশেষ ফটো ভাইৰেল হৈ আছে। সকলোৱে আশা কৰি আছে নেহাই অচিৰেই ভাল খবৰ দিব। উল্লেখ্য যে যোৱা বছৰ অক্টোবৰ মাহতে বিয়া হৈছিল নেহা কক্কৰ আৰু পঞ্জাৱী গায়ক ৰোহনপ্ৰীত সিঙ (Rohanpreet Singh)ৰ। তাৰ কেইমাহমান পিছৰে পৰা নেহা কক্কৰ প্ৰেগনেণ্ট (Neha Kakkar Pregnant) বুলি ওলাই আছে বিভিন্ন বাতৰি। কিছুদিন পূৰ্বে নেহাৰ বেবী বাম্প (Neha Kakkar Baby Bump ) দেখুৱাই থকা এখন ফটোও ভাইৰেল হৈ পৰিছে। এই ফটোখন ভাইৰেল হোৱাৰ পিছৰে পৰা নেহা মাক হ'বলৈ ওলাইছে বুলি বনজুইৰ দৰে খবৰ বিয়পিছে। ইয়াকে লৈ এতিয়া নেহা কক্কৰেও ৰাজহুৱাকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

    নেহা কক্কৰে লাই অৱ কক্কৰ (Life Of Kakkars)নামেৰে এটা ইউটিউব চেনেল মুকলি কৰি মাতৃত্বক লৈ খোলোচা কৰিছে সকলো কথা।  Life Of Kakkarsৰ প্ৰথম এপিছোডটোৱেই হৈছে- নেহা কক্কৰ প্ৰেগনেণ্ট নেকি (Is Neha Kakkar Pregnant)? এইটো ডিজিটেল শ্বোত নেহাই স্পষ্ট কৰিলে যে এতিয়াই তেওঁলোকে পৰিয়াল পৰিকল্পনা কৰা নাই। তাৰ মানে নেহা এতিয়া গৰ্ভৱতী নহয়। নেহাই কয় যে তেওঁ আৰু ৰোহনপ্ৰীতে এতিয়া তেওঁলোকৰ বৈবৈহিক জীৱন আনন্দেৰে উপভোগ কৰিব বিচাৰে। কেইবছৰমানলৈ তেওঁলোকে সন্তান বিচৰা নাই বুলি স্পষ্ট কৰি দিয়ে নেহাই।

    নেহাৰ ঘোষণাৰ পিছতে গৰ্ভধাৰণক লৈ চলি থকা সকলো উৰাবাতৰিৰ অন্ত পৰিল। উল্লেখ্য যে যিখন ফটো নেহা গৰ্ভৱতী বুলি ভাইৰেল (Neha Kakkar Viral Photo) হৈছিল সেইখন নেহা আৰু ৰোহনপ্ৰীতৰ এটা মিউজিক ভিডিঅ' 'খয়াল ৰখিয়া কৰ'ৰ ফটো বুলিহে জানিব পৰা গৈছে।



    উল্লেখ্য অলপতে নেহা আৰু ৰোহনপ্ৰীতে তেওঁলোকৰ প্ৰথম বিবাহ বাৰ্ষিকী পালন কৰিছে। প্ৰথম বিবাহ বাৰ্ষিকীৰ ভিডিঅ'ও শ্বেয়াৰ কৰিছিল নেহাই।




    নেহাই অভিযোগ কৰে যে কিছুমান ইউটিউব চেনেলে তেওঁৰ ফটো মৰ্ফ কৰি বেবী বাম্প লগাই উৰাবাতৰি বিয়পাইছে।
    Published by:Manjumoni Borah
    First published: