কলিউডৰ বহুচৰ্চিত দম্পতী নয়নতাৰা (Nayanthara) আৰু ভিগনেশ শিৱান (Vignesh Shivan) বিবাহপাশত আবদ্ধ হৈছে। ২০২২ চনৰ ৯ জুনত আজি দুয়োজন তাৰকাই বিবাহ পাশত আৱদ্ধ হয়। এনে পৰিস্থিতিত, নয়নতাৰাই তেওঁৰ বিয়াৰ প্ৰথম খন ফটো (Nayanthara bridal look) শ্বেয়াৰ কৰিছে আৰু তেওঁৰ অনুৰাগীসকলক ইয়াত কইনাৰ ৰূপ দেখুৱাইছে। এই সময়ছোৱাত, কইনাক ৰঙা পোছাকত অতি ধুনীয়া দেখা গৈছে।
নয়নতাৰাই বিয়াৰ প্ৰথম ফটোখন ইনষ্টাগ্ৰামত কইনাৰ এখন ফটো শ্বেয়াৰ কৰিছিল। অনুৰাগীসকলৰ সৈতে ইয়াক ভাগ বতৰা কৰাৰ লগতে অভিনেত্ৰীগৰাকীয়ে লিখিছিল, "ঈশ্বৰৰ কৃপা, বিশ্বব্ৰহ্মাণ্ড, আমাৰ পিতৃ-মাতৃ, ভাল বন্ধু আৰু সকলোৰে আশীৰ্বাদত, আমি এটা নতুন জীৱন আৰম্ভ কৰিছো।" ছ'চিয়েল মিডিয়াত প্ৰকাশ পোৱা ফটোখনত অভিনেত্ৰীগৰাকীক ধুনীয়া ৰঙা দপোছাক পৰিধান কৰা দেখা গৈছে। আনহাতে, পৰিচালকজনে তেওঁৰ পত্নীৰ কপালত চুমা খাই আছে আৰু তেওঁক যথেষ্ট মৰম দিছে। ইয়াত চাবলৈ দুয়োৰে মাজত এক ভাল ৰসায়ন আছে।
ফটোখনত ভিগনেশৰ সৰল চেহেৰাটো দেখা গৈছে। তেওঁক ধুতি আৰু কুৰ্তাত দেখা যায়। তেওঁৰ পোষ্টটোৱে অলপ সময়ৰ ভিতৰতে লক্ষাধিক লাইক লাভ কৰিছে। এইটো ভাইৰেল হৈ আছে আৰু অনুৰাগীসকলে তেওঁলোকৰ পোষ্টত মন্তব্য আৰু লাইক কৰি আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|