চলচ্চিত্ৰ নিৰ্মাতা এছ এছ ৰাজামৌলিৰ "আৰ আৰ আৰ"-এ মঙলবাৰে ছবিখনৰ গীত "নাটু নাটু"ৰ জৰিয়তে সৰ্বশ্ৰেষ্ঠ মূল গীত শ্ৰেণীত অস্কাৰৰ মনোনয়ন (Oscars 2023 Nominations) লাভ কৰি ইতিহাস সৃষ্টি কৰে।
ছবিখনৰ অফিচিয়েল ৱেবছাইটৰ টুইটাৰ হেণ্ডেলত টুইট কৰি কোৱা হৈছে- ''আমি ইতিহাস সৃষ্টি কৰিছোঁ। এয়া জনাবলৈ পাই গৰ্বিত আৰু সুখী হৈছোঁ যে নাটু নাটু (RRR song Naatu Naatu)ক ৯৫সংখ্যক একাডেমী বঁটাৰ বাবে শ্ৰেষ্ঠ মৌলিক গীতৰ বাবে মনোনীত হৈছে।"
উল্লেখ্য, চলিত মাহৰ আৰম্ভণিতে গীতটোৰ বাবে কীৰাৱনীয়ে গোল্ডেন গ্ল’বৰ লগতে ক্ৰিটিক চইছ এৱাৰ্ডো লাভ কৰে। ছবিখনে শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শাখাত আন ক্ৰিটিক চইছ এৱাৰ্ড লাভ কৰিছে।
HISTORY MADE 🙏🙏🙏 Jai Hind 🇮🇳
Yes, Our #NaatuNaatu NOMINATED For @TheAcademy In "BEST ORIGINAL SONG" Category 🌊
Congratulations @tarak9999, @AlwaysRamCharan, @ssrajamouli, @mmkeeravaani & Entire @RRRMovie Team 💙#NaatuNaatuForOscars #RRRMovie#Oscars #Oscars95 Jai NTR ✊ pic.twitter.com/54Bx09bVy5
— NTR Trends (@NTRFanTrends) January 24, 2023
২০০৮ চনত ডেনি বয়েলৰ পৰিচালনাত নিৰ্মিত ব্ৰিটিছ ছবি "স্লামডগ মিলিয়নিয়াৰ"ৰ "জয় হো" হৈছে শ্ৰেষ্ঠ মৌলিক স্কোৰ আৰু মৌলিক গীতৰ শাখাত একাডেমী বঁটা লাভ কৰা প্ৰথমটো হিন্দী গীত। ইয়াৰ সংগীত পৰিচালনা কৰিছিল এ আৰ ৰহমানে আৰু ৰচনা কৰিছিল গুলজাৰে। অহা ১২ মাৰ্চত অস্কাৰ বিজয়ীৰ নাম ঘোষণা কৰা হ’ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|