ফেচবুকত নিজৰ ফটো আপলোড কৰাৰ বাবে অনুজ্ঞাপত্ৰ বাতিল হ’ল এগৰাকী মডেল তথা মহিলা চিকিৎসকৰ। এই ঘটনা ম্যানমাৰৰ। চিকিৎসক নাং মৱে ছান নামৰ যুৱতীগৰাকীয়ে ফেচবুকত আপলোড কৰিছিল কিছুমান ফটো। চিকিৎসকগৰাকীয়ে প্ৰায়েই ছচিয়েল মিডিয়াত আপলোড কৰিছিল ফটো। এই ঘটনাৰ বিৰোধিতা কৰি চিকিৎসকগৰাকীয়ে কয় যে এয়া ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ কৰা হৈছে।
ফটোত বিকিনি পৰিধান কৰা দেখা গৈছে যুৱতীগৰাকীক। আমেৰিকাৰ মডেল কেণ্ডল জেনাৰক অনুকৰণ কৰিছিল নাঙে। চিকিৎসকগৰাকীৰ এই পোছাকক লৈ ম্যানমাৰ মেডিকেল কাউন্সিলে আপত্তি দৰ্শাইছে। ইয়াৰ পিছতে ৩ জুনত কাউন্সিলে চিকিৎসকগৰাকীলৈ জাননীযোগে অনুজ্ঞাপত্ৰ বাতিলৰ কথা জনায়। পত্ৰত উল্লেখ কৰে যে নাঙৰ পোছাকে ম্যানমাৰৰ সংস্কৃতি আৰু ৰীতি–নীতিৰ বিৰুদ্ধাচৰণ কৰে।
![]()
ইয়াৰ পূৰ্বে জানুৱাৰী মাহত নাঙক ফেচবুকৰ পৰা নিজৰ ফটো আঁতৰাবলৈ সকীয়নি প্ৰদান কৰা হৈছিল। নাঙে সেই সকীয়নি পত্ৰত স্বাক্ষৰ কৰিছিল যদিও পালন কৰা নাছিল। ২৯ বছৰীয়া নাঙে ২০১৭ চনত মডেলিং আৰম্ভ কৰিছিল আৰু তাৰ পূৰ্বে ৫ বছৰ ধৰি চিকিৎসকৰ অনুশীলন কৰিছিল।
![]()
চিকিৎসকগৰাকীয়ে কয় যে মেডিকেল এথিক্সত ড্ৰেছ ক’ডৰ ওপৰত কোনো বাধা–নিষেধ নাই। ৰোগীক চিকিৎসা কৰাৰ সময়ত মই তেনেধৰণৰ পোছাক পৰিধান নকৰো। মেডিকেল কাউন্সিলৰ কথা স্বীকাৰ কৰিব নোৱাৰি। এতিয়া নাঙে কাউন্সিলৰ সিদ্ধান্তৰ বিৰুদ্ধে আবেদন কৰাৰ পৰিকল্পনা কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|