মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Miss Universe 2021: ২০১৫ত দেশক প্ৰতিনিধিত্ব কৰা উৰ্বশী আছিল এইবাৰ বিচাৰক! হৰনাজ সিন্ধুৰ সফলতাত আনন্দৰ চকুপানী উৰ্বশী ৰৌতেলাৰ, চাওক ভাইৰেল ভিডিও

Miss Universe 2021: ২০১৫ত দেশক প্ৰতিনিধিত্ব কৰা উৰ্বশী আছিল এইবাৰ বিচাৰক! হৰনাজ সিন্ধুৰ সফলতাত আনন্দৰ চকুপানী উৰ্বশী ৰৌতেলাৰ, চাওক ভাইৰেল ভিডিও

হৰনাজ মিছ ইউনিভাৰ্ছ হোৱাৰ পিছতে বিচাৰক হিচাপে থকা উৰ্বশী ৰৌতেলাৰ দুগালেৰে বৈ আহে আনন্দৰ চকুপানী।

হৰনাজ মিছ ইউনিভাৰ্ছ হোৱাৰ পিছতে বিচাৰক হিচাপে থকা উৰ্বশী ৰৌতেলাৰ দুগালেৰে বৈ আহে আনন্দৰ চকুপানী।

হৰনাজ মিছ ইউনিভাৰ্ছ হোৱাৰ পিছতে বিচাৰক হিচাপে থকা উৰ্বশী ৰৌতেলাৰ দুগালেৰে বৈ আহে আনন্দৰ চকুপানী।

  • Share this:
মিছ ইউনিভাৰ্ছ (Miss Universe 2021)ৰ খিতাপ দখল কৰিলে ভাৰতৰ হৰনাজ সান্ধুৱে। চণ্ডিগড়ৰ হৰনাজ সান্ধুৱে এতিয়া গৌৰৱ কঢ়িয়াই আনিছে দেশলৈ। ২১ বছৰৰ পিছত, ভাৰতে মিছ ইউনিভাৰ্ছ মুকুট জিকিছে। লাৰা দত্তই ইয়াৰ পূৰ্বে ২০২০ চনত মিছ ইউনিভাৰ্ছ খিতাপ জিকিছিল। প্ৰতিযোগিতাখনত বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰৌতেলা বিচাৰক হিচাপে আছিল।



হৰনাজ মিছ ইউনিভাৰ্ছ হোৱাৰ পিছতে বিচাৰক হিচাপে থকা উৰ্বশী ৰৌতেলাৰ দুগালেৰে বৈ আহে আনন্দৰ চকুপানী। যেতিয়া মিছ ইউনিভাৰ্ছ বিজয়ীৰ নাম ঘোষণা কৰা হৈছিল তেতিয়া হৰনাজো মঞ্চতে আৱেগিক হৈ পৰিছিল।

কিছুসময়ৰ পূৰ্বে উৰ্বশীয়ে হৰনাজৰ সৈতে ছচিয়েল মিডিয়াত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। য'ত হাৰনাজক মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধা দেখা গৈছে। উৰ্বশীয়ে হাতত ভাৰতীয় পতাকা ধৰি আছে। ভিডিঅ'টোত, হৰনাজে উৰ্বশীক কয় যে, মই বিশ্বাস কৰিব পৰা নাই যে মই তোমাৰ কাষত থিয় হৈ আছো।



উল্লেখ্য যে,, উৰ্বশী ৰৌতেলাই ২০১৫ চনত মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। তাৰ পিছত তেওঁ বলীউডত প্ৰৱেশ কৰিছিল।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি