உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Miss Universe 2021 : আপুনিও হ'ব পাৰে বিশ্ব সুন্দৰী! কেনেকৈ কৰিব লাগে আবেদন আৰু ইয়াৰ বাছনি প্ৰক্ৰিয়া কি, জানক A টু Z তথ্য

    Miss Universe 2021 : আপুনিও হ'ব পাৰে বিশ্ব সুন্দৰী! কেনেকৈ কৰিব লাগে আবেদন আৰু ইয়াৰ বাছনি প্ৰক্ৰিয়া কি, জানক A টু Z তথ্য

    হৰনাজ সান্ধু, বিশ্ব সুন্দৰী ২০২১

    হৰনাজ সান্ধু, বিশ্ব সুন্দৰী ২০২১

    আপুনিও যদি এই সৰ্ববৃহত সৌন্দৰ্য প্ৰতিযোগিতা (Beauty Pageant) মিছ ইউনিভাৰ্ৰছ (Miss Universe)ৰ বাবে আবেদন কৰিব বিচাৰে (Apply For Miss Universe Competition) তেনেহ'লে ইয়াৰ আবেদনৰ প্ৰক্ৰিয়া, বাছনি প্ৰক্ৰিয়া আৰু নিজৰ বাবে কি কি গুণৰ প্ৰয়োজন সেই সকলোবোৰ জানি লোৱাটো হৈছে অতিকে জৰুৰী আৰু গুৰুত্বপূৰ্ণ।

    • Share this:
    চণ্ডীগড়ৰ হৰনাজ সান্ধু Harnaaz Sandhu)ৱে ২০২১ বৰ্ষৰ বিশ্ব সুন্দৰী (Miss Universe 2021)ৰ মুকুট জয় কৰি দেশৰ নাম উজলাই তুলিছে। ২১ বছৰ পিছত কোনো ভাৰতীয় যুৱতীয়ে জয় কৰিছে বিশ্ব সুন্দৰীৰ খিতাপ। এই খিতাপ হৈছে বিশ্বৰ সৰ্ব্বোচ্চ আৰু শ্ৰেষ্ঠ সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ।

    আপুনিও যদি এই সৰ্ববৃহত সৌন্দৰ্য প্ৰতিযোগিতা (Beauty Pageant)ৰ বাবে আবেদন কৰিব বিচাৰে (Apply For Miss Universe Competition) তেনেহ'লে ইয়াৰ আবেদনৰ প্ৰক্ৰিয়া, বাছনি প্ৰক্ৰিয়া আৰু নিজৰ বাবে কি কি গুণৰ প্ৰয়োজন সেই সকলোবোৰ জানি লোৱাটো হৈছে অতিকে জৰুৰী আৰু গুৰুত্বপূৰ্ণ।

    মিছ ইউনিভাৰ্ছৰ বাবে যোগ্যতা আৰু বাছনি প্ৰক্ৰিয়া

    মিছ ইউনিভাৰ্ছৰ অফিচিয়েল ৱেবছাইটৰ মতে এই প্ৰতিযোগিতাত ভাগ ল'বলৈ প্ৰতিযোগীৰ বয়স ১৮ৰ পৰা ২৮ বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী (Winner of National beauty Pageant) হ'ব লাগিব।

    এইটোও পঢ়ক : Miss Universeৰ এইবাৰৰ মুকুটত আছে ১,৭২৫ টুকুৰা বগা হীৰা, হৰনাজ সান্ধুৰ মুকুটটোৰ মূল্য কিমান?

    মিছ ইউনিভাৰ্ছ (Miss Universe)ৰ প্ৰতিযোগিতাৰ আৰম্ভণি প্ৰি-ইণ্টাৰভিউ (Pre-Interview)ৰ পৰা আৰম্ভ হয়। ইয়াৰ পিছত আৰু বিভিন্ন পৰ্যায়ত প্ৰতিযোগিতা হয়। কিন্তু প্ৰি-ইণ্টাৰভিউ এই কাৰণেই অতি গুৰুত্বপূৰ্ণ যে ইয়াতে প্ৰতিযোগীয়ে প্ৰথমবাৰ বিচাৰকৰ প্ৰশ্নৰ সন্মুখীন হয় আৰু দৰ্শকৰ সন্মুখীন হয়।

    এই প্ৰাৰম্ভিক ৰাউণ্ডটোৰ পিছতে ছেমিফাইনেলৰ ৰাউণ্ডৰ প্ৰতিযোগিতা আৰম্ভ হয়। এই ৰাউণ্ডত প্ৰতিযোগীসকলে ছুইমছুইট (Swimsuit) আৰু এথলেটিক ছুইট (Athletic suit)ত ৱাক (Walk) কৰিব লাগে। এই ছেমিফাইনেল ৰাউণ্ডৰ অন্তিম পৰ্যায় হৈছে ইভনিং গাউন ছেগমেণ্ট (Evening Gown Segment)। এই ছেগমেণ্টৰ প্ৰদৰ্শনৰ ওপৰতে নিৰ্ভৰ কৰে ফাইনেল (Final)লৈ প্ৰবেশৰ পথ।

    এইটোও পঢ়ক : Harnaaz Sandhu : প্ৰাক্তন বিশ্ব সুন্দৰী লাৰা দত্ত আৰু হৰনাজ সান্ধুৰ মাজত আছে অপূৰ্ব সংযোগ, জানক হৰনাজৰ ব্যক্তিগত জীৱনৰ কথা
     ইভনিং গাউন ছেগমেণ্টত সৰ্বাধিক নম্বৰ লাভ কৰি ৬ গৰাকী প্ৰতিযোগীক ফাইনেলৰ বাবে বাছনি কৰা হয়। ইয়াতেই ফাইনেল প্ৰশ্ন-উত্তৰ ৰাউণ্ড (Question Answer Round)তেই নিৰ্ণয় হয় যে কোনো জয় কৰিব মিছ ইউনিভাৰ্ছৰ মুকুট। এই ৰাউণ্ডত বিচাৰকে প্ৰতিযোগীক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি তেওঁলোকৰ যোগ্যতা নিৰূপণ কৰে।

    ফাইনেল ৰাউণ্ডত সৰ্বাধিক নম্বৰ লাভ কৰা ৩ গৰাকীৰ ভিতৰতেই এগৰাকীক বিজয়ী ঘোষণা কৰা হয়। বিজয়ী গৰাকীক মিছ ইউনিভাৰ্ছ (Miss Universe) আৰু দ্বিতীয় সৰ্বাধিক নম্বৰ লাভ কৰাগৰাকীক প্ৰথম ৰাণাৰ আপ আৰু তৃতীয় সৰ্বাধিক নম্বৰ লাভ কৰাগৰাকীক দ্বিতীয় ৰাণাৰআপ বুলি কোৱা হয়।

    এইটোও পঢ়ক : Miss Universe 2021| ২১ বছৰৰ পিচত দেশলৈ গৌৰৱ কঢ়িয়াই Miss Universe 2021ৰ খিতাপ জিকা হৰনাজ কোন? এইটো প্ৰশ্নৰ উত্তৰ দি হ’ল ব্ৰহ্মাণ্ড সুন্দৰী
     কেনেকৈ কৰিব আবেদন


    বিশ্ব সুন্দৰী প্ৰতিযোগিতালৈ আবেদন কৰাৰ দুটা নিয়ম আছে। প্ৰতিখন দেশতে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ ৰাষ্ট্ৰীয় সঞ্চালক (national Director of Miss Universe Competition) থাকে। ইয়াৰ পৰাও আবেদন কৰিব পাৰে। ইয়াৰ উপৰি মিছ ইউনিভাৰ্ছৰ অফিচিয়েল ৱেবছাইট (Miss Universe Official Website)ৰ পৰাও আবেদন কৰিব পাৰে। অনলাইন আবেদনৰ বাবে আপোনাক এখন প্ৰপত্ৰ পূৰণ কৰিব লাগিব। প্ৰপত্ৰ পূৰণৰ পিছত আপোনাৰ সকলো তথ্য দেশৰ ৰাষ্ট্ৰীয় সঞ্চালকৰ ওচৰলৈ প্ৰেৰণ কৰা হ'ব। ইয়াৰ পিছত পৰৱৰ্তী পৰ্যায়সমূহৰ বিষয়ে আপুনি খবৰ পাই থাকিব।

    মুকুট জয় কৰিবলৈ এই প্ৰক্ৰিয়াৰে যাব লাগিব

    বিশ্ব সুন্দৰীৰ মকুট জয় কৰিবলৈ আবেদনৰ পিছতে পঞ্জীয়ন কৰাব লাগিব আৰু তাৰ পিছত কেইবাটাও কেটেগৰীত আয়োজিত সৌন্দৰ্য প্ৰতিযোগিতাত ভাগ লৈ যোগ্যতা অৰ্জন কৰিব লাগিব। এই প্ৰতিযোগিতাত ইভনিং গাউন ছেগমেণ্ট, ছুইমৱেৰ প্ৰতিযোগিতা আৰু ইণ্টাৰভিউ আদি থাকে। প্ৰতিবছৰে এই প্ৰতিযোগিতাত ৮০ৰ পৰা ১০০খন দেশৰ যুৱতীয়ে অংশ লয়।

    এই প্ৰতিযোগিতাত বিজয়ৰ এক মন্ত্ৰ হৈছে আত্মবিশ্বাস। নিজকে সুন্দৰকৈ আৰু বিশ্বাসৰ সৈতে প্ৰদৰ্শন কৰাৰ কৌশল জানিব লাগিব।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: