• Home
  • »
  • News
  • »
  • entertainment
  • »
  • স্বয়ম্বৰ শ্ব' পাতি জনপ্ৰিয় গায়ক মিকা সিঙে বিচাৰি পালে পত্নী, ১২গৰাকী যুৱতীৰ মাজৰ পৰা নিৰ্বাচিত তেওঁ

স্বয়ম্বৰ শ্ব' পাতি জনপ্ৰিয় গায়ক মিকা সিঙে বিচাৰি পালে পত্নী, ১২গৰাকী যুৱতীৰ মাজৰ পৰা নিৰ্বাচিত তেওঁ

 অভিনেত্ৰী আকাংক্ষা পুৰীয়ে স্বয়ম্বৰ শ্ব'ত জয়লাভ কৰি গায়ক মিকা সিঙৰ 'ভোহতি'ৰ খিতাপ অৰ্জন কৰিছে।

অভিনেত্ৰী আকাংক্ষা পুৰীয়ে স্বয়ম্বৰ শ্ব'ত জয়লাভ কৰি গায়ক মিকা সিঙৰ 'ভোহতি'ৰ খিতাপ অৰ্জন কৰিছে।

অভিনেত্ৰী আকাংক্ষা পুৰীয়ে স্বয়ম্বৰ শ্ব'ত জয়লাভ কৰি গায়ক মিকা সিঙৰ 'ভোহতি'ৰ খিতাপ অৰ্জন কৰিছে।

  • Share this:
    অৱশেষত মিকা সিঙে বাছনি কৰিলে তেওঁৰ পত্নীক। স্বয়ম্বৰ শ্ব'ত বিজয়ী হোৱাৰ পিছত আকাংক্ষা আৰু মিকাই বিবাহপাশত আৱদ্ধ হ'বলৈ গৈ আছে বুলি জানিব পৰা গৈছে। অভিনেত্ৰী আকাংক্ষা পুৰীয়ে স্বয়ম্বৰ শ্ব'ত জয়লাভ কৰে আৰু মিকা সিঙৰ 'ভোহতি'ৰ খিতাপ অৰ্জন কৰিছে।

    গায়কগৰাকীয়ে এটা ৰিয়েলিটী শ্ব'ৰ জৰিয়তে তেওঁৰ জীৱন সংগী বাছনি কৰিছে,  য'ত ১২ গৰাকী মহিলাই মিকাৰ হৃদয় জয় কৰিবলৈ অংশগ্ৰহণ কৰিছিল। আকাংক্ষা পুৰী সফল হৈছিল আৰু মিকাই তেওঁক জীৱন সংগী হিচাপে বাছনি কৰে। ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰা তিনিওজনী ফাইনেলিষ্টে হালধি, মেহেন্দি আৰু সংগীত অনুষ্ঠানত ভাগ লৈছিল।

    অৱশেষত মিকাই নিজৰ কইনাৰ বিষয়ে সিদ্ধান্ত ল'ব লগা হৈছিল। ''স্বয়ম্বৰ মিকা দি ভোহটি''ৰ ফাইনেলত মিকাই আকাংক্ষা পুৰীক মালা পিন্ধাই তেওঁক অনুষ্ঠানটোৰ বিজয়ী আৰু তেওঁৰ ভৱিষ্যত পত্নী হিচাপে ঘোষণা কৰে।

    উল্লেখ্য যে মিকা আৰু আকাংক্ষা দীৰ্ঘদিন ধৰি বন্ধু হৈ আছে। এটা অনুষ্ঠানত পাৰ্বতীৰ চৰিত্ৰ ৰূপায়ণ কৰি খ্যাতি অৰ্জন কৰা আকাংক্ষাই দাবী কৰিছিল যে তেওঁলোক দুয়োজনে ইজনে সিজনক এদশকৰো অধিক সময় ধৰি চিনি পাইছিল। পূৰ্বেও তেওঁলোকৰ একেলগে এখন ফটো ভাইৰেল হৈছিল। সেই সময়ত দাবী কৰা হৈছিল যে মিকা আৰু আকাংক্ষাই বিয়া কৰাৰ পৰিকল্পনা কৰিছে। অৱশ্যে, দুয়োজনে এই কথা সেই সময়ত মানি লোৱা নাছিল যদিও ''স্বয়ম্বৰ মিকা দি ভোহটি''ৰ জৰিয়তে পুনৰ মিকা আৰু আকাংক্ষা যুটি চৰ্চালৈ আহে।
    First published:

    শেহতীয়া বাতৰি