মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Harnaaz Sandhu : প্ৰাক্তন বিশ্ব সুন্দৰী লাৰা দত্ত আৰু হৰনাজ সান্ধুৰ মাজত আছে অপূৰ্ব সংযোগ, জানক হৰনাজৰ ব্যক্তিগত জীৱনৰ কথা

Harnaaz Sandhu : প্ৰাক্তন বিশ্ব সুন্দৰী লাৰা দত্ত আৰু হৰনাজ সান্ধুৰ মাজত আছে অপূৰ্ব সংযোগ, জানক হৰনাজৰ ব্যক্তিগত জীৱনৰ কথা

হৰনাজ সান্ধু, বিশ্ব সুন্দৰী ২০২১

হৰনাজ সান্ধু, বিশ্ব সুন্দৰী ২০২১

Miss Universe Harnaaz Sandhu : বলীউডত খোজ দিবলৈ আগ্ৰহী বিশ্ব সুন্দৰী হৰনাজ।

  • Share this:
লাৰা দত্তৰ পিছত ২১ বছৰৰ মূৰত ভাৰতলৈ বিশ্ব সুন্দৰী (Miss Universe)ৰ খিতাপ কঢ়িয়াই আনি হৰনাজ সান্ধু (Harnaaz Sandhu)ৱে ভাৰবাসীক গৌৰৱান্বিত কৰি তুলিলে। সুস্মিতা সেন (Sushmita Sen) আছিল ভাৰতৰ প্ৰথমগৰাকী বিশ্ব সুন্দৰী। সুস্মিতা সেনে ১৯৯৪ চনত এই খিতাপ জয় কৰিছিল আৰু লাৰা দত্ত (Lara Dutta)ই বিশ্ব সুন্দৰীৰ মুকুট জয় কৰিছিল ২০০০ চনত। ২০০০ চনৰ পিছত সুদীৰ্ঘ ২১ বছৰ মূৰত হৰনাজ সান্ধু (Miss Universe Harnaaz Sandhu 2021)ৱে ২০২১ বৰ্ষৰ মুকুট জয় কৰি আকৌ এবাৰ ভাৰতবাসীক আনন্দিত কৰি তুলিলে।

হৰনাজ সান্ধুৱে আজি বিশ্ব সুন্দৰীৰ মুকুট পিন্ধাৰ পিছত লাৰা দত্তইও জনাইছে অভিনন্দন।  পিছে লাৰা দত্ত আৰু হৰনাজ সান্ধুৰ মাজত আছে এক অনন্য যোগসূত্ৰ। কাকতালিয়ভাৱে যিবছৰত লাৰা দত্তই বিশ্ব সুন্দৰীৰ খিতাপ জয় কৰিছিল সেই বছৰতে জন্ম হৈছিল ভাৰতৰ তৃতীয়গৰাকী বিশ্ব সুন্দৰী হৰনাজৰ। হয় ২০০০ চনত যেতিয়া লাৰা দত্তই দোশক গৌৰৱান্বিত কৰি বিশ্ব সুন্দৰী হৈছিল সেইবছৰতে হৰনাজ সান্ধুৰ জন্ম হৈছিল।

হৰনাজ সান্ধু বৰ্তমান ২১ বছৰীয়া আৰু স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰী। চণ্ডীগড় পোষ্ট গ্ৰেজুৱেট গভৰ্ণমেণ্ট কলেজৰ ছাত্ৰী হৰনাজ। Public Administration বিষয়ত বৰ্তমান স্নাতকোত্তৰ ডিগ্ৰী কৰি আছে হৰনাজে। তেওঁৰ মাতৃ এগৰাকী প্ৰসূতিৰোগ বিশেষজ্ঞ।

হৰনাজ সান্ধু এগৰাকী মডেল-অভিনেত্ৰী। হৰনাজে ২০১৭ চনত Times Fresh Face backৰ জৰিয়তে সৌন্দৰ্যৰ জগতখনত ভৰি দিছিল। ২০১৮ চনত হৰনাজে Miss Max Emerging Star India খিতাপ জয় কৰিছিল। ২০১৯ চনত Femina Miss India Punjab খিতাপ জয় কৰিছিল হৰনাজে।

হৰনাজে পাঞ্জাৱী ছবি জগততো সবল খোজ দিছে। এতিয়ালৈ সুন্দৰীগৰাকীয়ে ‘Yaara Diyan Poo Baran’ আৰু ‘Bai Ji Kuttange’ নামৰ দুখন পাঞ্জাৱী  ছবিত অভিনয় কৰিছে।

হৰনাজ সান্ধুয়ে কয়, “মোৰ দৃছ্টিত, সৌন্দৰ্য প্ৰতিযোগিতাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে  টেলেণ্ট। মেকআপে সৌন্দৰ্যতহে ৰহণ চৰাব পাৰে, আটাইতকৈ জৰুৰী হৈছে নিজৰ পেছন।" উল্লেখ্য যে বলীউডত খোজ দিবলৈ আগ্ৰহী বিশ্ব সুন্দৰী হৰনাজ।


Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি