• Home
  • »
  • News
  • »
  • entertainment
  • »
  • ‘‘যদি মনা লিছা দেশৰ বিভিন্ন ৰাজ্যৰ হয় তেন্তে কেনেকুৱা হ'ব!‘‘- টুইটাৰত পূজা চাংৱানৰ বিশেষ পোষ্টে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে

‘‘যদি মনা লিছা দেশৰ বিভিন্ন ৰাজ্যৰ হয় তেন্তে কেনেকুৱা হ'ব!‘‘- টুইটাৰত পূজা চাংৱানৰ বিশেষ পোষ্টে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে

মনা লিছাৰ এনে এটা হাস্যকৰ সংস্কৰণ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

মনা লিছাৰ এনে এটা হাস্যকৰ সংস্কৰণ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

মনা লিছাৰ এনে এটা হাস্যকৰ সংস্কৰণ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

  • Share this:
ষোল্লশ শতিকাৰ আৰম্ভণিতে লিওনাৰ্ডো দা ভিঞ্চিৰ দ্বাৰা অংকিত মনা লিছা হৈছে পৃথিৱীৰ অন্যতম বিখ্যাত চিত্ৰ।  হাঁহিথকা এগৰাকী মহিলাৰ বিখ্যাত চিত্ৰণ কেৱল এক উৎকৃষ্ট কৃতি নহয়, ই আটাইতকৈ বেছি পেৰোডি কৰা শিল্পকৰ্মবোৰৰ ভিতৰত অন্যতম। শেহতীয়াকৈ, মনা লিছাৰ এনে এটা হাস্যকৰ সংস্কৰণ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

জানিব পৰা মতে, এগৰাকী ভাৰতীয় টুইটাৰ ব্যৱহাৰকাৰী পূজা চাংৱানে কেইবাখনো ছবি শ্বেয়াৰ কৰিছিল যিয়ে দেখুৱাইছিল যে যদি মনা লিছা দেশৰ বিভিন্ন ৰাজ্যৰ হয় তেন্তে কেনেকুৱা হ'ব। প্ৰথম টুইটটোত মনা লিছাৰ দক্ষিণ দিল্লীৰ সংস্কৰণ "লিছা মৌচি" দেখুওৱা হৈছিল।

দ্বিতীয় টুইটটোত মনা লিছাক মহাৰাষ্ট্ৰীয় "লিছা টাই" হিচাপে দেখুওৱা হৈছিল।

শাৰী আৰু ডাঙৰ ৰঙা ফুট পিন্ধি পৰৱৰ্তী টুইটটোত বিহাৰৰ পৰা অহা "লিছা দেৱী" দেখুওৱা হৈছিল।

টুইটাৰ থ্ৰেডটোত ৰাজস্থানৰ "মহাৰাণী লিছা", কলকাতাৰ "শোনা লিছা" দেখুওৱা হৈছে।

কেৰালাৰ "লিছা মোল", তেলেংগানাৰ "লিছা বম্মা" আৰু অৱশেষত ছ'চিয়েল মিডিয়া পোষ্টটো গুজৰাটৰ "লিছা বেন"ৰ সৈতে সমাপ্ত হয়।

শ্বেয়াৰ কৰাৰ পিছত, টুইটাৰ থ্ৰেডে সামূহিকভাৱে হাজাৰ হাজাৰ লাইক আৰু মন্তব্য লাভ কৰিছে। ইণ্টাৰনেট ব্যৱহাৰকাৰীসকল বিখ্যাত চিত্ৰকলাৰ পেৰোডি সংস্কৰণৰ দ্বাৰা প্ৰভাৱিত হৈছে।



"আশ্চৰ্যকৰ থ্ৰেড...দ্যা ভিঞ্চিৰ অনুৰাগীসকলে মিশ্ৰিত প্ৰতিক্ৰিয়া দিব পাৰে... সুন্দৰ শাৰী আৰু পৰৱৰ্তী স্তৰৰ সম্পাদনা।" এজন ব্যৱহাৰকাৰীয়ে লিখিছিল।

"প্ৰতিটো পোছাক আৰু গেটআপ পৃথক আৰু তথাপিও ইমান ধুনীয়া," আন এজনে ব্যৱহাৰকাৰীয়ে এনেদৰে যোগ দিছিল।

এটা মন্তব্য পোষ্ট কৰি আন এজনে এই থ্ৰেডটোক "আজি ইণ্টাৰনেটত সৰ্বশ্ৰেষ্ঠ বস্তু" বুলি অভিহিত কৰিছে। আনহাতে চতুৰ্থজনে মন্তব্য কৰিছে, "অতি সুন্দৰভাৱে আৰু বুদ্ধিমত্তাৰে কৰা হৈছে"। "সৃষ্টিশীলতা আশ্চৰ্যজনক," পঞ্চমজনে যোগ দিয়ে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি