সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা অতি অদ্ভুত ভিডিঅ’, য’ত এজন লোকে পশ্চিম বংগৰ এজন কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত কুকুৰৰ দৰে ভুকি নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। কিয়নো তেওঁৰ উপাধি ‘দত্ত’ৰ সলনি ২০২২ বৰ্ষৰ ৰেচন কাৰ্ডত ‘কুট্টা’ বুলি ভুলকৈ ছপা হৈছে।
ভিডিঅ'টোত দেখা গৈছে দণ্ডাধীশৰ গাড়ীখন আহি পোৱাৰ লগে লগে মানুহজনে কুকুৰৰ দৰে ভুকি কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত কাগজ এখন দাঙি ধৰিছে। লোকজনৰ অদ্ভুত আচৰণক লৈ প্ৰথমতে বিষয়াগৰাকীক বিমোৰত পৰা যেন লাগে যদিও পিছত তেওঁৰ আবেদন গ্ৰহণ কৰে। ভালদৰে পঢ়াৰ পিছত বিষয়াজনে নিজৰ গাড়ীৰ কাষত থিয় হৈ থকা এজন মানুহৰ হাতত তুলি দিয়ে আৰু ভুলটো শুধৰণি কৰিবলৈ নিৰ্দেশ দিয়ে।
পিছত শ্ৰীকান্ত দত্ত নামৰ লোকজনে কয় যে তেওঁ দুবাৰকৈ শুধৰণিৰ বাবে আবেদন কৰিছিল যদিও তেওঁৰ আবেদন হয়তো বধিৰ লোকৰ হাতত পৰিছিল। এইদৰে তেওঁ নিজৰ আবেদনখন দাখিল কৰিবলৈ এটা কুকুৰৰ দৰে আচৰণ কৰিবলৈ বাধ্য হয়।
Published by: Subham Goswami
FIRST PUBLISHED : November 19, 2022, 22:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|