Malayalam Actor Vijay Babu Arrested:
Malayalam Actor Vijay Babu Arrested:
মালয়ালম অভিনেতা বিজয় বাবুক গ্ৰেপ্তাৰ (Actor Vijay Babu Arrested) কৰা হৈছে। অভিনেতাগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল। সোমবাৰে কোচি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। বিজয় বাবুৰ বিৰুদ্ধে ২২ এপ্ৰিলত ধৰ্ষণৰ অভিযোগ (Sexual Assault Case)ত গোচৰ ৰুজু কৰা হৈছিল।
দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি কোচিৰ উপ-চিটি আৰক্ষী আয়ুক্ত ইউ ভি কুৰিয়াকোছে প্ৰকাশ কৰে যে বিজয় বাবু (Vijay Babu)ৰ গ্ৰেপ্তাৰৰ ৰেকৰ্ড কৰা হৈছে। প্ৰমাণ সংগ্ৰহৰ অংশ হিচাপে বিজয়ক ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱা ঠাইলৈ লৈ যোৱা হ’ব বুলি জানিব পৰা গৈছে। প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে যিহেতু অভিনেতাগৰাকীয়ে ইতিমধ্যে অগ্ৰিম জামিন লাভ কৰিছে সেয়ে তেওঁক জামিনত মুকলি কৰি দিয়া হ’ব।
কেৰালা উচ্চ ন্যায়ালয়ে (Kerala High Court) জামিন মঞ্জুৰ কৰাৰ সময়তে ২৭ জুনৰ পৰা ৩ জুলাইলৈ পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত আৰক্ষীক বিজয়ক সোধা-পোছা কৰাৰ অনুমতি প্ৰদান কৰে। যদি অভিনেতাজনক গ্ৰেপ্তাৰ কৰা হয়, তেন্তে তেওঁ দুজন ছলভেণ্ট ছিওৰিটিৰ সৈতে ৫ লাখ টকাৰ জামিন বণ্ড দাখিল কৰিব লাগিব বুলিও কয়। অভিযুক্ত বা তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে কোনো ধৰণৰ ছ’চিয়েল মিডিয়া বা অন্যান্য ধৰণৰ আক্ৰমণত লিপ্ত নহ’বলৈও তেওঁক কোৱা হৈছে। তদুপৰি তেওঁক দেশ এৰি যাবলৈ দিয়া হোৱা নাই।
বিজয়ে নিজৰ এৰনাকুলাম ঘৰত কেইবাবাৰো নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল অভিনেত্ৰীগৰাকীয়ে। তেওঁ তাইক চলচ্চিত্ৰ জগতত ভাল সুযোগ দিয়াৰ প্ৰতিশ্ৰুতিও দিছিল বুলি অভিযোগ কৰিছে। “যেতিয়া মই সচেতনভাৱে হয় বা না ক’বলৈ অক্ষম আছিলো, তেতিয়া তেওঁ মোৰ শৰীৰটোক নিজৰ আনন্দৰ বাবে আহিলা হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁ মোৰ ওপৰত জোৰ-জবৰদস্তি কৰিছে আনকি মোৰ ইচ্ছাৰ বিৰুদ্ধে গাড়ীত বেয়া কাম কৰিবলৈও জোৰ-জবৰদস্তি কৰিছে। মই স্তম্ভিত হৈ পৰিছিলোঁ, কথা ক’বলৈ বা সঁহাৰি দিবলৈ অক্ষম হৈ পৰিছিলো।’- ফেচবুক পোষ্টত এইদৰে কয় ভুক্তভোগীগৰাকীয়ে।
এপ্ৰিল মাহত বিজয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল। ইয়াৰ পাঁচ দিনৰ পাছত ফেচবুক লাইভত নিৰ্যাতিতাৰ পৰিচয় ৰাজহুৱা কৰাৰ অভিযোগত বিজয়ৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু হৈছিল। গোচৰ ৰুজু হৈ থকাৰ সময়তে বিজয়ে ডুবাইলৈ ৰাওনা হয়। চলিত মাহৰ আৰম্ভণিতে তেওঁ ভাৰতলৈ উভতি আহিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|