உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Malaika Arora: মই তোমাৰ সৈতে বুঢ়া হ'ব বিচাৰোঁ- মালাইকা অৰোৰাই কাক ক'লে এই কথা

    Malaika Arora: মই তোমাৰ সৈতে বুঢ়া হ'ব বিচাৰোঁ- মালাইকা অৰোৰাই কাক ক'লে এই কথা

    Malaika Arora Arjun Kapoor: মালাইকা প্ৰায় দুটা দশক ধৰি আৰবাজ খানৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ আছিল। ১৯৯৮ চনত বিবাহপাশত আৱদ্ধ হৈছিল আৰু ২০১৭ চনত বিচ্ছেদ হৈছিল। তেওঁলোকৰ বিবাহ বিচ্ছেদৰ পিছৰে পৰাই মালাইকাই অৰ্জুনৰ সৈতে ডেটিং কৰি আছে।

    • Share this:
    মালাইকা অৰোৰা (Malaika Arora)ই অৰ্জুন কাপুৰ (Arjun Kapoor)ক বিয়া কৰোৱাৰ পৰিকল্পনাৰ বিষয়ে মুকলিকৈ কৈছে। পূৰ্বতে আৰবাজ খান (Arbaaz Khan)ৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা অভিনেত্ৰীগৰাকীয়ে কিছু সময়ৰ পৰা অৰ্জুন কাপুৰৰ সৈতে ডেটিং কৰি আছে। এই দম্পতীৰ প্ৰেম দিনে দিনে শক্তিশালী হৈ গৈ আছে। মালাইকা আৰু অৰ্জুনে (Malaika and Arjun ) প্ৰায়ে ইজনে সিজনৰ বিষয়ে ভাললগা-মৰমলগা পোষ্ট শ্বেয়াৰ কৰে আৰু কঠিন সময়ত ইজনে সিজনৰ কাষত থিয় হয়। মালাইকাৰ শেহতীয়া দুৰ্ঘটনা এনে এক উদাহৰণ।

    বম্বে টাইমছৰ সৈতে কথা পাতি মালাইকাই কয়, "মই অনুভৱ কৰোঁ যে আমি এনে এক স্থানত আছোঁ য'ত আমি পৰৱৰ্তী ক'ত আৰু পৰৱৰ্তী কি কৰিম সেই বিষয়ে চিন্তা কৰি আছো। আমি কথাবোৰ বহুত আলোচনা কৰোঁ। আমি একেটা পৰকল্পনাতেই আছোঁ, একে ধৰণৰ চিন্তা আৰু ধাৰণাৰ সৈতে। আমি সঁচাকৈয়ে ইজনে সিজনক পাইছোঁ।"

    "মই বহুত সুখী আৰু ইতিবাচক। অৰ্জুনে মোক সেই আত্মবিশ্বাস আৰু নিশ্চিতি দিছে। মই নাভাবোঁ যে আমি একেলগে সকলো কাৰ্ড খুলিব লাগে। আমি এতিয়াও আমাৰ জীৱনক ভাল পাওঁ আৰু প্ৰতিদিনে একেলগে ৰোমাঞ্চ কৰোঁ । মই সদায় তেওঁক কওঁ যে মই তোমাৰ সৈতে বুঢ়া হ'ব বিচাৰো। আমি বাকীখিনি বিচাৰি উলিয়াম, কিন্তু মই জানো যে তেওঁ মোৰ মানুহ," মালাইকাই লগতে কয়।

    মালাইকা প্ৰায় দুটা দশক ধৰি আৰবাজ খানৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ আছিল। ১৯৯৮ চনত বিবাহপাশত আৱদ্ধ হৈছিল আৰু ২০১৭ চনত বিচ্ছেদ হৈছিল। তেওঁলোকৰ বিবাহ বিচ্ছেদৰ পিছৰে পৰাই মালাইকাই অৰ্জুনৰ সৈতে ডেটিং কৰি আছে।
    Published by:Manjumoni Borah
    First published: