মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Bheem Praveen Kumar : মহাভাৰতৰ বিশালকায় ভীম আজি অসহায় নিয়তিৰ হাতত, খেল-অভিনয়ৰ বৰ্ণময় জীৱনৰ পিছতো দুৰৱস্থা

Bheem Praveen Kumar : মহাভাৰতৰ বিশালকায় ভীম আজি অসহায় নিয়তিৰ হাতত, খেল-অভিনয়ৰ বৰ্ণময় জীৱনৰ পিছতো দুৰৱস্থা

প্ৰবীণ কুমাৰ

প্ৰবীণ কুমাৰ

Bheem Praveen Kumar : দুখৰ কথা যে এইজন খেলুৱৈয়ে পঞ্জাৱৰ কোনো এখন চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য নাপালে। সকলো খেলুৱৈয়ে ক্ৰীড়া পেঞ্চন পালে কিন্তু প্ৰবীণ কুমাৰ বঞ্চিত হৈ থাকিল।

  • Share this:
দূৰদৰ্শনৰ লোকপ্ৰিয় ধাৰাবাহিক মহাভাৰত (Mahabharat)ৰ কথা ক'লে পোনতেই মনলৈ আহে গদাধাৰী ভীম (Bheeem)ৰ চেহেৰাটো। মহাভাৰত ভাৰাবাহিকখনত অতি নিপুণভাৱে ভীমৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল ৬ ফুটৰো বেছি ওখ প্ৰকৃততেই এজন ভীমাকায় পুৰুষ প্ৰৱীণ কুমাৰ ছোবটি (Praveen Kumar Sobati)য়ে। প্ৰকৃততে এগৰাকী খেলুৱৈ প্ৰবীণ কুমাৰে খেলপথাৰতো সুনাম অৰ্জন কৰি থৈছে। কিন্তু এনেহেন এক মহান জীৱন পাৰ কৰি আহি আজি ৭৬ বছৰ বয়সত ক'ৰবাত যেন অসহায় হৈ পৰিছে ভীম প্ৰবীণ কুমাৰ। উপায়ন্তৰ হৈ প্ৰবীণ কুমাৰে আবেদন কৰিছে চৰকাৰী পেঞ্চনৰ।

অভিনয়তেই নহয় খেল পথাৰতো ভীমৰ দৰেই দুৰ্দান্ত আছইল প্ৰবীণ কুমাৰ। ভাৰতৰ হৈ দুবাৰ অলিম্পিক (Olympics) খেলিছিল তেওঁ। এছিয়ান গেমছ (Asian Games) আৰু কমনৱেল্থ গেমছ (Commonwealth Games)ত প্ৰবীণ কুমাৰে কেইবাটাও সোণ আৰু ৰূপৰ পদকো জয় কৰিছিল। ১৯৬৭ চনত প্ৰবীণ কুমাৰক অৰ্জূন বঁটা (Arjun Award)ৰেও সন্মানিত কৰা হৈছিল। ক্ৰীড়া জগতৰ শিখৰৰ পৰা অভিনয় জগততো সফলতাৰে পাৰ কৰা এইজন ভীম, যাৰ কাৰণে মহাভাৰতত একোৱেই অসম্ভৱ নাছিল, বাস্তৱত আজি বয়সৰ ওচৰত হাৰ মানি আৰ্থিক দুৰৱস্থাত জীৱন কটাবলগীয়া হৈছে।



সংবাদমাধ্যমত দুখ প্ৰকাশ কৰি প্ৰবীণ কুমাৰে কয় যে কোৰোণা (Corona)ই বহু মানুহৰ মুখা খুলি দিলে। এই বিপদৰ সময়তো সকলো আপোন মানুহে তেওঁক এৰি থৈ গৈছে। তেওঁ কয়, 'মই ৭৬ বছৰৰ হ'লোঁ। বহু দিন ধৰি ঘৰতেই আছোঁ। গা আজিকালি ভাল নাথাকে। খোৱা-লোৱাও বহুত বাচি খৰিব লাগে। মোৰ স্পাইনেল সমস্যা হৈছে। এসময়ত মোক সকলোৱে জানিছিল, এতিয়া কোনেও মনত ৰখা নাই।'

১৯৪৬ চনত পঞ্জাৱৰ অমৃতসৰত জন্ম হোৱা ভীম প্ৰবীণ কুমাৰে ১৯৬৬ চনত কমনৱেল্থ গেমছত ডিছকাছ থ্ৰো খেলত ৰূপৰ পদক জয় কৰিছিল। ১৯৬৬ আৰু ১৯৭০ চনত এছিয়ান গেমছত সোণৰ পদক জয় কৰিছিল। ৫৬.৭৬ মিটাৰ ডিছকাছ দলিয়াই এছিয়ান অভিলেখো গঢ়িছিল। ১৯৭৪ত এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰিছিল। ১৯৭২ চনত জাৰ্মানীত হোৱা অলিম্পিক খেলত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ভা.ৱহ অভিজ্ঞতাৰো সাক্ষী আছিল প্ৰবীণ কুমাৰ। সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলীচালনা কৰা স্পোৰ্টছ কমপ্লেক্সটোত তেতিয়া প্ৰবীণ কুমাৰো উপস্থিত আছিল। সেই আক্ৰমণত ১১ জন খেলুৱৈৰ মৃত্যু হৈছিল।



মহাভাৰতত ভীমৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত জনপ্ৰিয় হৈ পৰা প্ৰবীণ কুমাৰে বলীউডত ৫০খনৰো অধিক চিনেমাত অভিনয় কৰিছে।

দুখৰ কথা যে এইজন খেলুৱৈয়ে পঞ্জাৱৰ কোনো এখন চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য নাপালে। সকলো খেলুৱৈয়ে ক্ৰীড়া পেঞ্চন পালে কিন্তু প্ৰবীণ কুমাৰ বঞ্চিত হৈ থাকিল। নৱভাৰত টাইমছৰ আগত এনেদৰে চৰকাৰৰ বিৰুদ্ধেে ক্ষোভ উজাৰে প্ৰবীণ কুমাৰে। এই সতীয়া ব্যৱহাৰত অতি দুখী বুলি কয় খেলুৱৈ-অভিনেতাজনে। বিএছএফৰ তৰফৰ পৰা এটা পেঞ্চন পায় যদিও সেয়া তেওঁৰ খৰচৰ অনুপাতে একোৱেই নহয়। গতিকে একো উপায় নেদেখি শেষ মুহূৰ্তত চৰকাৰী পেঞ্চনৰ বাবে আবেদন কৰিবলৈ বাধ্য হৈছে প্ৰবীণ কুমাৰ।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি