মধ্যপ্ৰদেশৰ এজন ব্যক্তিৰ গোচৰত স্তম্ভিত হৈ পৰিছে নেটিজেন। বংশ বাহাদুৰ নামৰ ব্যক্তিজনৰ কথা পোহৰলৈ অহাৰ লগে লগে এই ঘটনা ভাইৰেল হৈ পৰে। চট্টৰপুৰ বাছ ষ্টপৰ এখন চিঙৰাৰ দোকানলৈ গৈ ৰাকেশে চিঙৰা খাবলৈ গৈছিল। তাৰপিছত মূৰটো গৰম হৈ পৰিল গ্ৰাহকজনৰ। ব্যক্তিজনৰ অভিযোগ, চিঙৰাটো কিনাৰ পিছত তেওঁ চিঙৰাটোৰ সৈতে এখন চামুচ নিদিলে, আনকি এটা বাটিও নিদিলে। ৰাস্তাৰ দোকানত বাটি-চামুচ দিয়াৰ নিয়ম সাধাৰণতে নাই। কিন্তু গ্ৰাহকজনে সেই কথা মানি ল’বলৈ অস্বীকাৰ কৰে। কিন্তু এয়া শেষ নহয়। ইয়াৰ পিছত আৰু অধিক অদ্ভুত কাৰ্য্য সংঘটিত কৰিলে।
তেওঁ পোনপটীয়াকৈ মুখ্যমন্ত্রীৰ কার্যালয়ৰ হেল্পলাইন নম্বৰত ফোন কৰি দোকান আৰু দোকানীজনৰ বিষয়ে এজাহাৰ দাখিল কৰে৷ ব্যক্তিজনৰ অনুৰোধ হৈছে এই সমস্যা সমাধান কৰা। কাৰ্যালয়ৰ পৰাও অভিযোগ আহিছে।
যোৱা ৩০ আগষ্টত সংঘটিত হৈছিল এই ঘটনা। সেইদিনা বংশ বাহাদুৰে এজাহাৰ দাখিল কৰে। অৱশ্যে ৫ আগষ্টত সমাধান কৰা হয়। সূত্ৰ অনুসৰি, বাহাদুৰৰ এজাহাৰ দাখিল হ’বলৈ পাঁচ দিনতকৈ অধিক সময় লাগিছিল আৰু যথেষ্ট আলোচনাৰ অন্ততহে ইয়াৰ সমাধান হ’ল।অভিযোগটো বৰ গুৰুত্বপূৰ্ণ নহ’লেও এই ঘটনাই ইন্টাৰনেট জগতৰ বহু লোকক হাস্যৰসৰ যোগান ধৰিছে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|