একেখন মঞ্চত ১৯৮১ চনৰ চিলচিলা ছবিৰ এটা দৃশ্যক ৰি-মেক কৰা হৈছে। অমিতাভ বচ্চন, জয়া বচ্চন আৰু ৰেখা অভিনীত এই ৰোমাণ্টিক ছবিৰ এই ৰিমেক দৃশ্য এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। মঞ্চত জয়া বচ্চনৰ স্থান লৈছে মাধুৰী দিক্ষিতে।
এই সপ্তাহৰ শেষৰ ফালে Dance Deewane 3 টেলিকাষ্টৰ সময়ত মাধুৰী আৰু ৰেখাক এনেদৰে দেখা যাব। Colors টিভিত শ্ব'টোৰ এটা প্ৰমো ইতিমধ্য টেলিকাষ্ট কৰা হৈছে।
ভিডিঅ'টোত মাধুৰীয়ে ৰেখাক সুধিছে, 'আপুনি কি বিচাৰে?' ৰেখাই উত্তৰ দিছিল 'মই নিবিচাৰিলে কি গুৰুত্বপূৰ্ণ'। মাধুৰীয়ে তেতিয়া কৈছিল, 'আপুনি তেওঁক এৰি দিয়ক'। ৰেখাই উত্তৰ দিছিল, 'এয়া মোৰ নিয়ন্ত্ৰণত নাই, আৰু মই যি নিয়ন্ত্ৰণ নকৰো সেয়া মই কেনেকৈ কৰিম?' মাধুৰীয়ে তেতিয়া কৈছিল, 'তেওঁ মোৰ স্বামী'। ৰেখাই উত্তৰ দিছিল, তেওঁ মোৰ প্ৰেম'।
১৯৮১ চনত মুক্তি লাভ কৰা চিলচিলা ছবিৰ গীত অত্যন্ত জনপ্ৰিয় হৈছিল। অভিনেতা অমিতাভ বচ্চনে এই ছবিত প্ৰথমবাৰলৈ কণ্ঠদান কৰিছিল। এইখন ছবিয়েই আছিল ৰেখাৰ সৈতে অমিতাভ বচ্চনে অভিনয় কৰা শেষৰ খন ছবি।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : July 16, 2021, 15:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।