• Home
  • »
  • News
  • »
  • entertainment
  • »
  • মানসিক 'প্ৰশান্তি' আৰু 'স্থিৰতা' বিচাৰি চৌদি আৰৱৰ এজন ব্যক্তিয়ে ৪৩ বছৰত বিবাহপাশত আৱদ্ধ হ'ল ৫৩ বাৰ

মানসিক 'প্ৰশান্তি' আৰু 'স্থিৰতা' বিচাৰি চৌদি আৰৱৰ এজন ব্যক্তিয়ে ৪৩ বছৰত বিবাহপাশত আৱদ্ধ হ'ল ৫৩ বাৰ

২০ বছৰ বয়সত তেওঁৰ প্ৰথম বিবাহ হৈছিল আৰু তেতিয়াৰ পত্নী তেওঁতকৈ ৬ বছৰ ডাঙৰ আছিল। “শতিকাৰ বহুবিবাহী” বুলি উপনাম দিয়া লোকজনে প্ৰকাশ কৰে যে তেওঁৰ ৫৩ বাৰ বিবাহৰ ভিতৰত আটাইতকৈ চুটি বিবাহখন মাত্ৰ এটা নিশাহে চলিছিল।

  • Share this:
স্থিৰতা বিচাৰি এজন চৌদি আৰৱৰ লোকে ৪৩ বছৰত ৫৩ বাৰ বিবাহ কৰাৰ দাবী কৰে। তেওঁ উল্লেখ কৰে যে তেওঁৰ সিদ্ধান্ত ব্যক্তিগত আনন্দ বিচৰাৰ বাবে নহয় বৰঞ্চ প্ৰশান্তি আৰু স্থিৰতা বিচৰাৰ আশাতহে কৰিছে।

৬৩ বছৰীয়া আবু আব্দুল্লাই ছৌদিৰ মালিকানাধীন মিডিয়া কোম্পানী এমবিচিক জনোৱা মতে, ২০ বছৰ বয়সত তেওঁৰ প্ৰথম বিবাহ হৈছিল আৰু তেতিয়াৰ পত্নী তেওঁতকৈ ৬ বছৰ ডাঙৰ আছিল। “শতিকাৰ বহুবিবাহী” বুলি উপনাম দিয়া লোকজনে প্ৰকাশ কৰে যে তেওঁৰ ৫৩ বাৰ বিবাহৰ ভিতৰত আটাইতকৈ চুটি বিবাহখন মাত্ৰ এটা নিশাহে চলিছিল।

তেওঁ কয়, ‘যেতিয়া মই প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছিলো, তেতিয়া মই এগৰাকীতকৈ অধিক মহিলাক বিয়া কৰাবলৈ পৰিকল্পনা কৰা নাছিলো কাৰণ মই সুস্থিৰ অনুভৱ কৰিছিলো আৰু সন্তান জন্ম দিছিলো।’ “কিন্তু কিছুদিনৰ পিছত সমস্যাৰ সৃষ্টি হৈছিল আৰু মই ২৩ বছৰ বয়সত পুনৰ বিয়াৰ সিদ্ধান্ত লৈছিলো আৰু মই মোৰ সিদ্ধান্তৰ বিষয়ে পত্নীক জনাইছিলো।”

এই সিদ্ধান্তই তেওঁক সুখী কৰিব পৰা নাৰীৰ সন্ধানৰ সমাধান কৰিব নোৱাৰিলে। গালফ নিউজৰ মতে, আব্দুল্লাই উল্লেখ কৰিছে যে তেওঁৰ দুগৰাকী পত্নীৰ মাজত সমস্যা আৰম্ভ হোৱাৰ লগে লগে তেওঁ তৃতীয় আৰু চতুৰ্থবাৰৰ বাবে বিবাহপাশত আবদ্ধ কৰাৰ সিদ্ধান্ত লৈছিল আৰু অৱশেষত তেওঁৰ প্ৰথম দুগৰাকী পত্নীক বিবাহ বিচ্ছেদ কৰিছিল।

তেওঁ লগতে তেওঁৰ সকলো পত্নীৰ সৈতে ন্যায়পৰায়ণ ব্যৱহাৰ কৰা বুলি দাবী কৰি স্বীকাৰ কৰে যে তেওঁৰ বেছিভাগ পত্নী চৌদি মহিলা হ’লেও তেওঁ বিদেশী মহিলাকো বিয়া কৰাইছিল। ব্যৱসায়িক ভ্ৰমণৰ সময়ত তিনি-চাৰি মাহ বহিঃৰাজ্যত থকাৰ সময়ত কু-অভ্যাসৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আব্দুল্লাই বিদেশত বিবাহপাশত আবদ্ধ হৈছিল।

আব্দুল্লাই কয়, “পৃথিৱীৰ প্ৰতিজন পুৰুষে ইচ্ছা কৰে যে এগৰাকী ভাল নাৰী পাওক আৰু তেওঁৰ লগত চিৰদিন থাকিব পাৰে... স্থিৰতা এগৰাকী যুৱতীৰ লগত পোৱা নাযায়, বৰঞ্চ এগৰাকী প্ৰাপ্তবয়স্কৰ সৈতেহে পোৱা যায়।”

ট্ৰেক ৰেকৰ্ড থকাৰ পিছতো এতিয়া মাত্ৰ এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আব্দুল্লাই পুনৰ বিবাহ কৰাৰ কোনো পৰিকল্পনা নাই।
Published by:Subham Goswami
First published: