• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Lata Mangeshkar|Filmfare : এবাৰ ফিল্মফেয়াৰ বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল লতা মংগেশকাৰে ; কিয় জানেনে

Lata Mangeshkar|Filmfare : এবাৰ ফিল্মফেয়াৰ বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল লতা মংগেশকাৰে ; কিয় জানেনে

Lata Mangeshkar|Filmfare: ১৯৫৮ চনত লতা মংগেশকাৰক তেওঁৰ 'আজা ৰে পৰদেশী' গানটোৰ বাবে শ্ৰেষ্ঠ মহিলা গায়িকাৰ বাবে মনোনীত কৰা হৈছিল।

Lata Mangeshkar|Filmfare: ১৯৫৮ চনত লতা মংগেশকাৰক তেওঁৰ 'আজা ৰে পৰদেশী' গানটোৰ বাবে শ্ৰেষ্ঠ মহিলা গায়িকাৰ বাবে মনোনীত কৰা হৈছিল।

Lata Mangeshkar|Filmfare: ১৯৫৮ চনত লতা মংগেশকাৰক তেওঁৰ 'আজা ৰে পৰদেশী' গানটোৰ বাবে শ্ৰেষ্ঠ মহিলা গায়িকাৰ বাবে মনোনীত কৰা হৈছিল।

  • Share this:
কিংবদন্তী গায়িকা লতা মংগেশকাৰ (Lata Mangeshkar)ৰ ৯২ বছৰ বয়সত আজি মহাপ্ৰয়াণ ঘটিল। মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে অমৃত কণ্ঠৰে ভাৰতবাসীক সুৰৰ সাগৰত ডুবাই ৰখা কোকিলকণ্ঠী গায়িকাগৰাকী। আজি সমগ্ৰ ভাৰতবাসীয়ে অন্তিম শ্ৰদ্ধাঞ্জলি জনালে লতা মংগেশকাৰলৈ।  ৰাষ্ট্ৰই যি সময়ত লতাজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু নাইটিংগেল অফ ইণ্ডিয়া (Nightingale of India)ক স্মৰণ কৰি শেষ বিদায় জনাইছে লতাজীৰ গানবোৰ চিৰকাল আমাৰ সৈতে থাকিব।

প্ৰায় ৮ দশকৰ সংগীত জীৱনত লতা মংগেশকাৰক ভাৰতীয় সংগীত জগতলৈ তেওঁৰ অৱদানৰ বাবে অলেখ বঁটাৰে সন্মানিত কৰা হৈছিল। কিন্তু এইগৰাকী মহান গায়িকাই এসময়ত ফিল্মফেয়াৰ বঁটা গ্ৰহণ কৰিবলৈও যে অস্বীকাৰ কৰিছিল সেয়া হয়তো বহুলোকেই নাজানে।

হয়, আপুনি ঠিকেই পঢ়িছে। ১৯৫৮ চনত লতা মংগেশকাৰক তেওঁৰ 'আজা ৰে পৰদেশী' গানটোৰ বাবে শ্ৰেষ্ঠ মহিলা গায়িকাৰ বাবে মনোনীত কৰা হৈছিল। কিন্তু তেওঁ ফিল্মফেয়াৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল কাৰণ এই বঁটাৰ সৈতে দিয়া স্মাৰকটো আছি কোনো কাপোৰ নোহোৱা এগৰাকী মহিলাৰ আকৃতিৰ ডিজাইন কৰা আৰু সেয়ে তেওঁ বঁটা ল'বলৈ আপত্তি কৰিছিল। ইয়াৰ পিছতে আয়োজকসকলে পুৰস্কাৰটো কাপোৰেৰে মেৰিয়া দিয়ে আৰু তাৰ পিছতহে লতাজীয়ে  ফিল্মফেয়াৰ গ্ৰহণ কৰে।

লতা মংগেশকাৰে তিনিবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (National Film Awards) আৰু সাতটা ফিল্মফেয়াৰ (Filmfare) বঁটা লাভ কৰিছিল। ভাৰত ৰত্ন (Bharat Ratna)ৰে বিভূষিত লতাজী দাদা চাহেব ফাল্কে (Dadasaheb Phalke Award) বঁটাৰেও সন্মানিত হৈছিল।
Published by:Manjumoni Borah
First published: