মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »KL Rahul-Athiya Shetty Wedding: পৰিয়ালে অস্বীকাৰ কৰিলে উপহাৰ হিচাপে ৫০ কোটি টকাৰ ফ্লেট, বিলাসী গাড়ী লোৱাৰ খবৰ

KL Rahul-Athiya Shetty Wedding: পৰিয়ালে অস্বীকাৰ কৰিলে উপহাৰ হিচাপে ৫০ কোটি টকাৰ ফ্লেট, বিলাসী গাড়ী লোৱাৰ খবৰ

পৰিয়ালে অস্বীকাৰ কৰিলে উপহাৰ হিচাপে ৫০ কোটি টকাৰ ফ্লেট, বিলাসী গাড়ী লোৱাৰ খবৰ

বিষয়টোৰ পম খেদি যেতিয়া News18-এ নিশ্চিতকৰণৰ বাবে পৰিয়ালটোৰ সৈতে যোগাযোগ কৰে, তেতিয়া তেওঁলোকে এই বাতৰিসমূহক ‘ভিত্তিহীন’ বুলি দাবী কৰে।

  • Share this:

অভিনেত্ৰী আথিয়া শ্বেট্টী আৰু ক্ৰিকেটাৰ কে এল ৰাহুলৰ বিয়াখনে যোৱা সপ্তাহৰ শেষৰ ফালে যথেষ্ট চৰ্চা লাভ কৰিছিল। এতিয়া চৰ্চিত হৈ থকা বিষয়টো হ’ল পৰিয়ালৰ সদস্য, আত্মীয়-স্বজন আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ পৰা দম্পতীহালে লাভ কৰা ব্যয়বহুল উপহাৰৰ খবৰ। খবৰ অনুসৰি, আথিয়াৰ পিতৃ বলীউডৰ তাৰকা সুনীল শ্বেট্টীয়ে তেওঁৰ কন্যাক মুম্বাইত ৫০ কোটি টকাৰ এটা আড়ম্বৰপূৰ্ণ এপাৰ্টমেণ্ট উপহাৰ দিছিল। প্ৰথমখন ছবি প্ৰযোজনা কৰি বলীউডত আথিয়াৰ অভিষেক ঘটোৱা ছলমান খানে আপাত দৃষ্টিত ১.৬৪ কোটি টকাৰ এখন অ’ডি গাড়ী উপহাৰ দিছিল।


বিষয়টোৰ পম খেদি যেতিয়া News18-এ নিশ্চিতকৰণৰ বাবে পৰিয়ালটোৰ সৈতে যোগাযোগ কৰে, তেতিয়া তেওঁলোকে এই বাতৰিসমূহক ‘ভিত্তিহীন’ বুলি দাবী কৰে। শ্বেট্টী পৰিয়ালৰ এক বিবৃতিত কোৱা হৈছে যে, “প্ৰকাশিত সকলো প্ৰতিবেদন একেবাৰে ভিত্তিহীন আৰু সঁচা নহয়। আমি প্ৰেছ ফ্ৰেটাৰনিটিক অনুৰোধ কৰিছো যে ৰাজহুৱা ডমেইনত এনে ভুল তথ্য প্ৰকাশ কৰাৰ পূৰ্বে আমাৰ সৈতে সবিশেষ নিশ্চিত কৰক।"


প্ৰতিবেদন মতে, বৰ্ডাৰ (১৯৯৭), ৰিফিউজি (২০০০), বাজ: এ বাৰ্ড ইন ডেঞ্জাৰ (২০০৩) আদি ছবিৰ সুনীলৰ সহ-অভিনেতা জেকী শ্ৰফে এজন প্ৰখ্যাত চুইজাৰলেণ্ডৰ চপাৰ্ড ৱাচেছৰ পৰা ৩০ লাখ টকাৰ বিলাসী ঘড়ী আৰু গহনা উপহাৰ দিয়াৰ কথাও দাবী কৰিছিল। খবৰ অনুসৰি আথিয়াৰ ঘনিষ্ঠ বন্ধু অভিনেতা অৰ্জুন কাপুৰে তেওঁক ১.৫ কোটি টকাৰ হীৰা ব্ৰেচলেট উপহাৰ দিছিল।


প্ৰতিবেদন অনুসৰি, কেৱল বলীউডৰ তাৰকাসকলেই নহয়, কে এল ৰাহুলৰ ক্ৰিকেটাৰ বন্ধুসকলৰ পৰাও বহু ব্যয়বহুল উপহাৰ লাভ কৰিছিল দম্পতীহালে। ইয়াৰ ভিতৰত ভাৰতীয় ক্ৰিকেট দলৰ শক্তিশালী অৰ্থাৎ বিৰাট কোহলীয়ে ৰাহুলক ২.১৭ কোটি টকাৰ এখন BMW গাড়ী উপহাৰ দিছিল। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক, উইকেটকীপাৰ তথা বেটছমেন মহেন্দ্ৰ সিং ধোনীয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাহুলক ৮০,০০,০০০ টকাৰ কাৱাছাকি নিঞ্জা বাইক উপহাৰ দিছিল।


উল্লেখযোগ্য যে, ২৩ জানুৱাৰীত আথিয়া আৰু কে এল ৰাহুলে বিবাহপাশত আবদ্ধ হয়। খণ্ডালাৰ সুনীল শ্বেট্টীৰ ফাৰ্ম হাউচত অনুষ্ঠিত হয় বিবাহ অনুষ্ঠান। পিছলৈ মুম্বাইত এই দম্পতীয়ে আয়োজন কৰিব এক বিশাল বিবাহ অভ্যৰ্থনা অনুষ্ঠান। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি এই অভ্যৰ্থনা অনুষ্ঠানত ৩০০০ৰো অধিক অতিথি উপস্থিত থাকিব।

শেহতীয়া বাতৰি