পংকজ ত্ৰিপাঠী (Pankaj Tripathi) অভিনীত 'শ্বেৰদিল - দ্য পিলিভীত ছাগা' (Sherdil - The Pilibhit Saga)ৰ নিৰ্মাতাসকলে মঙলবাৰে ছবিখনৰ এলবামৰ প্ৰথমটো গীত মুকলি কৰি দিয়াৰ লগে লগে নেটিজেনসকলক আৱেগিক কৰি তুলিছে। কাৰণ এই গীতটোত কণ্ঠদান কৰিছিল শেহতীয়াকৈ মৃত্যু হোৱা কিংবদন্তি কণ্ঠশিল্পী কে কে (KK)ই। সুৰীয়া ট্ৰেক 'ধূপ পানী বহনে দে...' বন সংৰক্ষণৰ কথা কোৱা হৈছে। প্ৰবীণ কবি-সাহিত্যিক গুলজাৰে (Gulzar) সুন্দৰভাৱে ৰচনা কৰিছে এই গীতটি।
মনপৰশা ট্ৰেকটোৱে অনুৰাগীসকলক কে কেৰ স্মৃতি কৰি নষ্টালজিক কৰি তুলিছে। মন কৰিবলগীয়া যে যোৱা সপ্তাহত কলকাতাত হঠাৎ মৃত্যু হোৱা কে কেৰ মৃত্যুৰ পিছত মুকলি প্ৰথমটো গীত হৈছে 'ধূপ পানী বহনে দে...(Dhoop Paani Bahne De)'।
সোমবাৰে পংকজে ছ’চিয়েল মিডিয়াত গীতটোৰ এটা সৰু ক্লিপ শ্বেয়াৰ কৰি লিখিছিল, “কে কেৰ যাদুকৰী কণ্ঠই আপোনাক এতিয়া আকৌ মন্ত্ৰমুগ্ধ কৰিবলৈ সাজু হৈছে। শ্বেৰদিলৰ পৰা ধূপ পানী বাহনে দে - কে কেৰ দ্বাৰা গোৱা, গুলজাৰ ছাৰৰ ৰচনা আৰু শান্তনু মৈত্ৰৰ ৰচনা কৰা পিলিভীত সাগা, এতিয়া ওলাইছে।”
উল্লেখ্য যে কলকাতাৰ নজৰুল মঞ্চত গীত পৰিৱেশন কৰি থকাৰ মাজতে ৩১ মে’ত ৫৩ বছৰ বয়সত মৃত্যু হয় কে কে। মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট অনুসৰি কাৰ্ডিয়াক এটেকৰ বাবে তেওঁৰ মৃত্যু হৈছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|