• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Kiara Advani, Sidharth Malhotra : নৱবৰ্ষ উদযাপনৰ বাবে মুম্বাইৰ বাহিৰলৈ ৰাওনা কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰা, অনুৰাগীয়ে ক’লে – Cutest Couple

Kiara Advani, Sidharth Malhotra : নৱবৰ্ষ উদযাপনৰ বাবে মুম্বাইৰ বাহিৰলৈ ৰাওনা কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰা, অনুৰাগীয়ে ক’লে – Cutest Couple

কিয়াৰা আৰু সিদ্ধাৰ্থই শ্বেৰছাহ ছবিত একেলগে কাম কৰিছে, যিখন ঠবি পৰম বীৰ চক্ৰপ্ৰাপ্ত কেপ্টেইন বিক্ৰম বাট্ৰাৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছে।

কিয়াৰা আৰু সিদ্ধাৰ্থই শ্বেৰছাহ ছবিত একেলগে কাম কৰিছে, যিখন ঠবি পৰম বীৰ চক্ৰপ্ৰাপ্ত কেপ্টেইন বিক্ৰম বাট্ৰাৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছে।

কিয়াৰা আৰু সিদ্ধাৰ্থই শ্বেৰছাহ ছবিত একেলগে কাম কৰিছে, যিখন ঠবি পৰম বীৰ চক্ৰপ্ৰাপ্ত কেপ্টেইন বিক্ৰম বাট্ৰাৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছে।

  • Share this:
নৱবৰ্ষ উদযাপনৰ বাবে মুম্বাইৰ বাহিৰলৈ ৰাওনা বলীউদৰ অভিনেত্ৰী কিয়াৰা আদৱানী (Kiara Advani) আৰু অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা (Sidharth Malhotra)। দুয়োকে দেখা গ’ল মুম্বাই বিমানবন্দৰত (Mumbai Airport)। পাপাৰাজিয়ে পোষ্ট কৰা এটা ভিডিঅ’ত সিদ্ধাৰ্থ আৰু কিয়াৰাক বিমাবন্দৰৰ গে’টত দেখা গৈছে। সংবাদ মাধ্যমৰ কেমেৰালৈ চাই সঁহাৰিও জনালে দুই তাৰকাই।

ভিডিঅ’ত কিয়াৰাক গুলপীয়া লুজ ছুৱেটাৰ পিন্ধা দেখা গৈছে। সিদ্ধাৰ্থই পিন্ধিছে অলিভ গ্ৰীন জেকেট আৰু ক’লা পেণ্ট। ভিডিঅ’টো ছচিয়েল মিডিয়াত পোষ্ট কৰাৰ পিছতে অনুৰাগীসকলে কমেণ্ট কৰা আৰম্ভ কৰে। এজন লোকে লিখিছে, ‘‘তেওঁলোক খুব সুন্দৰ। শ্বেৰছাহ দেখাৰ পিছৰে পৰা দুয়োকে আৰু বেছি ভাল লাগিবলৈ লৈছে। আশা কৰো দুয়োৰে কেতিয়াও ব্ৰেকআপ নহয়।’’

আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘এতিয়া এওঁলোক দুজনেও মনে মনে বিয়া পাতিব।’’ আনহাতে, আন এজনে লিখিছে, বলীউদৰ আটাইতকৈ সুন্দৰ অন স্ক্ৰীণ আৰু অফ স্ক্ৰীণ কাপল।’’


 উল্লেখযোগ্য যে কিয়াৰা আৰু সিদ্ধাৰ্থই শ্বেৰছাহ ছবিত একেলগে কাম কৰিছে, যিখন ঠবি পৰম বীৰ চক্ৰপ্ৰাপ্ত কেপ্টেইন বিক্ৰম বাট্ৰাৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছে। ছবিখন মুক্তিৰ পিছৰে পৰা অনুৰাগীৰ পৰা খুব মৰম পাইছে কিয়াৰা আৰু সিদ্ধাৰ্থই।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি