• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Kiara Advani And Sidharth Malhotra: কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই একেলগে নৱবৰ্ষ উদযাপনৰ বাবে মাৰিলে উৰা, অনুৰাগীয়ে দিছে শুভেচ্ছা

Kiara Advani And Sidharth Malhotra: কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই একেলগে নৱবৰ্ষ উদযাপনৰ বাবে মাৰিলে উৰা, অনুৰাগীয়ে দিছে শুভেচ্ছা

Kiara Advani And Sidharth Malhotra: এটা ভিডিঅ'ত সিদ্ধাৰ্থ আৰু কিয়াৰাক বিমান বন্দৰৰ প্ৰবেশ গেটত একেলগে দেখা গৈছিল। দুয়োজনে গেটৰ পৰাই উভতি চাই পাপাৰাজিলৈ হাত জোকাৰিছিল।

Kiara Advani And Sidharth Malhotra: এটা ভিডিঅ'ত সিদ্ধাৰ্থ আৰু কিয়াৰাক বিমান বন্দৰৰ প্ৰবেশ গেটত একেলগে দেখা গৈছিল। দুয়োজনে গেটৰ পৰাই উভতি চাই পাপাৰাজিলৈ হাত জোকাৰিছিল।

Kiara Advani And Sidharth Malhotra: এটা ভিডিঅ'ত সিদ্ধাৰ্থ আৰু কিয়াৰাক বিমান বন্দৰৰ প্ৰবেশ গেটত একেলগে দেখা গৈছিল। দুয়োজনে গেটৰ পৰাই উভতি চাই পাপাৰাজিলৈ হাত জোকাৰিছিল।

  • Share this:
অভিনেত্ৰী কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰা (Kiara Advani And Sidharth Malhotra) ক মঙলবাৰে মুম্বাই বিমানবন্দৰত দেখা গৈছিল। দুয়োজনে নতুন বছৰক একেলগে আদৰিবলৈ আৰু নৱ বৰ্ষৰ আনন্দ একেলগে উদযাপন (New Year Celebration) কৰিবলৈ মুম্বাই চহৰৰ পৰা কোনো অজান গন্তব্যস্থানলৈ উৰা মাৰিছিল।কিয়াৰা আৰু সিদ্ধাৰ্থই ইজনে সিজনক বহুদিন ধৰি ডেট কৰি আছে বুলি বাতৰি ওলাই আছে।

এটা পাপাৰাজি একাউণ্টৰ পৰা পোষ্ট কৰা এটা ভিডিঅ'ত সিদ্ধাৰ্থ আৰু কিয়াৰাক বিমান বন্দৰৰ প্ৰবেশ গেটত একেলগে দেখা গৈছিল। দুয়োজনে গেটৰ পৰাই উভতি চাই পাপাৰাজিলৈ হাত জোকাৰিছিল।



ভিডিঅ'টোত কিয়াৰাক গুলপীয়া, ঢিলা চুৱেটাৰ পিন্ধা দেখা গৈছে। সিদ্ধাৰ্থই ক'লা পেণ্টৰ সৈতে জলফাই ৰঙী সেউজীয়া জেকেট এটা পিন্ধিছিল।

ভিডিঅ'টো ইনষ্টাগ্ৰামত পোষ্ট কৰাৰ লগে লগে  অনুৰাগীসকলে ভিডিঅ'টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। এজন ব্যক্তিয়ে লিখিছিল, "তেওঁলোক ইমান মৰমলগা। লো প্ৰফাইল যদিও ইমান মৰমলগা দম্পতী। শ্বেৰশাহ চোৱাৰ পিছৰ পৰা দুয়োকে আৰু বেছি মৰম লগা হৈ পৰিছে। মই আশা কৰোঁ তেওঁলোকে যাতে কেতিয়াও বিচ্ছেদ নকৰে।"

আন এজন অনুৰাগীয়ে লিখিছিল, "এতিয়া ইহত দুয়োজনেও মনে মনে গৈ বিয়া পাতিব!আনহাতে এজনে কৈছিল, "বলীউডৰ আটাইতকৈ আকৰ্ষণীয় অন-স্ক্ৰীণ আৰু অফ-স্ক্ৰীণ দম্পতী।"

সিদ্ধাৰ্থ আৰু কিয়াৰাই পৰম বীৰ চক্ৰ বঁটা প্ৰাপ্ত কেপ্টেইন বিক্ৰম বাত্ৰাৰ জীৱনীমূলক ছবি শ্বেৰশাহ (SherShah)ত একেলগে কাম কৰিছিল। আগষ্টত ছবিখনমুক্তি পোৱাৰ পিছৰে পৰা সিদ্ধাৰ্থ আৰু কিয়াৰাই দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰি আহিছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

কিছুমান অনুৰাগীয়ে তেওঁলোকৰ বাবে স্কেচ তৈয়াৰ কৰিছিল আৰু বহুতে চিনেমাখনৰ পৰা তেওঁলোকৰ প্ৰিয় দৃশ্যবোৰৰ ইনষ্টাগ্ৰাম ৰিল সৃষ্টি কৰিছিল।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি