• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Kiara Advani|Sidharth Malhotra: ডুবাইত সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে জন্মদিন পালন কৰিলে কিয়াৰা আদৱানীয়ে; Pics ভাইৰেল

Kiara Advani|Sidharth Malhotra: ডুবাইত সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে জন্মদিন পালন কৰিলে কিয়াৰা আদৱানীয়ে; Pics ভাইৰেল

Kiara Advani Birthday : কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই ‘শ্বেৰশ্বাহ’ত একেলগে কাম কৰাৰ পৰাই দুয়োৰে প্ৰেমৰ কথা চৰ্চিত হৈ আহিছে। অভিনেত্ৰীগৰাকীৰ ৩০ সংখ্যক জন্মদিন উদযাপন কৰিলে ডুবাইত।

  • Share this:
কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰা (Kiara Advani-Sidharth Malhotra)ই ‘শ্বেৰশ্বাহ’ত একেলগে কাম কৰাৰ পৰাই চৰ্চাত আছে। স্ক্ৰীণত এই যুটিটোৰ দুৰ্দান্ত কেমিষ্ট্ৰীয়ে তেওঁলোকৰ ৰোমাঞ্চৰ উৰাবাতৰিৰ সৃষ্টি কৰিছিল। দুয়োকে কেইবাবাৰো একেলগে বিভইন্ন স্থানত ফচো তোলা হৈছে, যাৰ বাবে অনুৰাগীসকলে তেওঁলোকৰ সম্পৰ্ক (Kiara Advani-Sidharth Malhotra Affair)ক লৈ অধিক জল্পনা-কল্পনাহে সৃষ্টি কৰিছে। অৱশ্যে ৰাজহুৱাভাৱে কোনো ধৰণৰ কথা নিশ্চিত কৰা নাই বা অস্বীকাৰ কৰা নাই দুয়োজনে।

৩১ জুলাইত জন্মদিনৰ পূৰ্বে শনিবাৰে সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে ডুবাই (Dubai)ত ঘূৰি-ফুৰি থকা দেখা যায়। শ্বেৰশ্বাহৰ অভিনেতাসকলে এজন অনুৰাগীৰ সৈতে পোজ দিয়া ছবিবোৰে ইণ্টাৰনেটত ঘূৰি আছে। ছবিবোৰত সিদ্ধাৰ্থ আৰু কিয়াৰাই ডুবাইৰ এল’ফ্ট পাম জুমেইৰাত এজন অনুৰাগীৰ সৈতে পোজ দিছিল। ডেনিম চাৰ্ট পিন্ধি সিদ্ধাৰ্থক ডেপাৰ দেখা গৈছিল আনহাতে কিয়াৰা ক’লা ড্ৰেছ পিন্ধি আছিল।

কিছুদিন পূৰ্বে বহু বাতৰিত প্ৰকাশ পাইছিল যে এই যুটিয়ে তেওঁলোকৰ মাজত চলি থকা সম্পৰ্কৰ অন্ত (Kiara Advani-Sidharth Malhotra Breakup) পেলাইছিল। কিন্তু শেহতীয়াকৈ কিয়াৰাৰ ছবি ভূল ভূলাইয়া-২ৰ প্ৰদৰ্শনীত কিয়াৰা আৰু সিদ্ধাৰ্থই তেওঁলোকৰ আদৰণীয় ইংগিতেৰে বিচ্ছেদৰ উৰাবাতৰিক একপ্ৰকাৰ খণ্ডন কৰিছিল।

শেহতীয়াকৈ কফি উইথ কৰণত অনন্যা পাণ্ডে (Ananya  Panday)ই পৰোক্ষভাৱে নিশ্চিত কৰিছিল যে সিদ্ধাৰ্থ আৰু কিয়াৰাৰ ডেটিং চলি আছে। যেতিয়া কৰণে অনন্যাই কিয়াৰাৰ সম্পৰ্কৰ অৱস্থাৰ বিষয়ে সুধিছিল, তেতিয়া শ্বেৰশ্বাহৰ এটা গীতৰ কথাৰ উল্লেখ কৰি অনন্যা পাণ্ডেই কৈছিল, “তাইৰ ৰাতিবোৰ বৰ দীঘলীয়া” ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি