• Home
  • »
  • News
  • »
  • entertainment
  • »
  • টিক-টকৰ আটাইতকৈ বেছি অনুগামী থকা তাৰকা খাবি লেমে প্ৰতিটো পোষ্টৰ বাবে উপাৰ্জন কৰে আচৰিত পৰিমাণৰ ধন

টিক-টকৰ আটাইতকৈ বেছি অনুগামী থকা তাৰকা খাবি লেমে প্ৰতিটো পোষ্টৰ বাবে উপাৰ্জন কৰে আচৰিত পৰিমাণৰ ধন

ইটালীত থকা ২২ বছৰীয়া খাবি লেমেৰ টিক-টকত ১৪ কোটি ২৮ লাখ অনুগামী আছে।

ইটালীত থকা ২২ বছৰীয়া খাবি লেমেৰ টিক-টকত ১৪ কোটি ২৮ লাখ অনুগামী আছে।

ফৰ্চুনে পৰ্যালোচনা কৰা নথিসমূহতো প্ৰকাশ পাইছে যে তেওঁ এটা টিকটক ভিডিঅ’ৰ বাবে হলিউডৰ এটা ডাঙৰ ষ্টুডিঅ’ৰ পৰা ৭ লাখ ৫০ হাজাৰ ডলাৰ উপাৰ্জন কৰিছিল।

  • Share this:
ইটালীত থকা ২২ বছৰীয়া খাবি লেমেৰ টিক-টকত ১৪ কোটি ২৮ লাখ অনুগামী আছে। টিক-টকত সৰ্বাধিক অনুগামী থকা কন্টেন্ট ক্ৰিয়েটৰজনে প্ৰতি পোষ্টত কিমান ধন উপাৰ্জন কৰে সেই কথা প্ৰকাশ কৰিছে। খাবি লেমে জুন মাহত টিক-টকৰ আটাইতকৈ জনপ্ৰিয় সৃষ্টিকৰ্তা হিচাপে পৰিগণিত হৈছিল আৰু তেওঁৰ নামত ১৪.২৮ লাখ অনুগামী আছিল, যিটোৰ সংখ্যা এতিয়া ১৪৯.৫ মিলিয়নলৈ বৃদ্ধি পাইছে।

ফৰ্চুনৰ সৈতে হোৱা এক বিশেষ কথোপকথনত লেমৰ মেনেজাৰ এলেছাণ্ড্ৰ’ ৰিজিঅ’ই এতিয়া প্ৰকাশ কৰিছে যে ২২ বছৰীয়া ৰিজিঅ’ই এই বছৰ ১ কোটি ডলাৰ উপাৰ্জনৰ পথত আগবাঢ়িছে। তেওঁৰ টিকটক খ্যাতি আৰু পৰৱৰ্তী এণ্ডাৰছমেণ্ট চুক্তিকো তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰিছে।

শেহতীয়াকৈ হুগো বছে তেওঁলোকৰ মিলান ফেশ্বন উইক শ্ব’ত ৰেম্পত খোজ কাঢ়িবলৈ আৰু খোজৰ এটা ক্লিপ তেওঁৰ টিকটক একাউণ্টত পোষ্ট কৰিবলৈ খাবি লেমেক ৪ লাখ ৫০ হাজাৰ ডলাৰ দিছিল।








View this post on Instagram






A post shared by Khaby Lame (@khaby00)





ফৰ্চুনে পৰ্যালোচনা কৰা নথিসমূহতো প্ৰকাশ পাইছে যে তেওঁ এটা টিকটক ভিডিঅ’ৰ বাবে হলিউডৰ এটা ডাঙৰ ষ্টুডিঅ’ৰ পৰা ৭ লাখ ৫০ হাজাৰ ডলাৰ উপাৰ্জন কৰিছিল।

প্ৰকৃত নাম খাবানে লেমে চেনেগালত জন্মগ্ৰহণ কৰা এই প্ৰভাৱশালী ব্যক্তিজনে ২০০১ চনত পৰিয়ালৰ সৈতে ইটালীলৈ প্ৰব্ৰজন কৰে। কৰ’না মহামাৰীৰ আৰম্ভণিতে টিকটকত যোগদান কৰি তেওঁ নিৰৱ স্কিট আৰু ডেডপেন হাস্যৰসেৰে দ্ৰুতগতিত খ্যাতি লাভ কৰিছিল।

ইণ্ডিপেণ্ডেণ্টৰ মতে, লেমৰ মেনেজাৰে কয় যে তেওঁ ধনৰ দ্বাৰা অনুপ্ৰাণিত নহয়। “তেওঁ দুখীয়া আছিল, বেংকত কিমান আছে নাজানে। তেওঁ একো গুৰুত্ব নিদিয়ে...” লেমে নিজেই কাটি লোৱাৰ আগতে ৰিজিঅ’ই ক’লে আৰু লগতে ক’লে: “মই মানুহক হহুৱাই ভাল পাওঁ। মই মোৰ পৰিয়ালটোক ভাল পাওঁ। মই মোৰ সংগীকো ভাল পাওঁ।”

লেমে এতিয়া আমেৰিকাৰ কাৰ্টুন আৰু চিনেমা চাই ইংৰাজী শিকিছে। তেওঁ এদিন অভিনেতা হোৱাৰ আশা কৰিছে, আৰু তেওঁৰ চূড়ান্ত লক্ষ্য হৈছে উইল স্মিথৰ সৈতে এখন চিনেমাত অভিনয় কৰা।
Published by:Subham Goswami
First published: